12/29/2022 - 16:29
in
শালবাৰীঃ শীতৰ আগমণৰ লগে লগেই পৰ্যটনক্ষেত্ৰ সমূহত বাঢ়িছে পৰ্যটকৰ ভিৰ। দৈনন্দিন ব্যস্ততাৰ পৰা ফালৰি কাটি প্ৰকৃতিৰ বুকুত কিছুসময় পাৰ কৰাৰ উদ্দেশ্যে আগমণ ঘটিছে অসংখ্য পৰ্যটকৰ। সমান্তৰালকৈ পৰ্যটকেৰে ভৰি পৰিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান। জীপ ছাফাৰী, হাতী ছাফাৰী আদিৰে মানাহৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰি আপোন পাহৰা হৈ পৰিছে পৰ্যটকসকল। ইয়াৰোপৰি স্বচক্ষে বন্যপ্ৰাণীকুলক প্ৰত্যক্ষ কৰি আনন্দত মতলীয়া হৈছে প্ৰকৃতিপ্ৰেমীসকল। গঁড়, হাতী, হৰিণা, ম'হ, ময়ূৰ আদিকে ধৰি বিভিন্ন জীৱ-জন্তু আৰু চৰাই-চিৰিকটি প্ৰত্যক্ষ কৰি আপ্লুত হৈ পৰিছে প্ৰকৃতিপ্ৰেমী পৰ্যটকসকল। ইয়াৰোপৰি ভূটান পৰা বৈ অহা কুৰিশ্ব নৈখনে মানাহৰ মথনগুৰীত ধাৰণ কৰিছে এক অনন্য ৰূপ। যাৰ ৰূপে মুগ্ধ কৰি তুলিছে পৰ্যটকসকলক। ব্যস্ততাপূৰ্ণ জীৱনৰ অৱসাদ দূৰ কৰিবলৈ আপুনিও আহক এদিন মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ আৰু উপভোগ কৰি যাওঁক প্ৰকৃতিৰাণী মানাহৰ অপৰূপ সৌন্দৰ্য।