পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ উঠিছে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ জীয়াভৰলী নদী

 12/31/2022 - 19:00
 
 
জামুগুৰিহাটঃ পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ উঠিছে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ জীয়াভৰলী নদী৷ শ, শ পৰ্য্যটকৰ আগমন ঘটিছে এতিয়া জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰলৈ৷ জামুগুৰিহাটৰ টৌভঙাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় তিনিকিলোমিটাৰ দূৰত্বৰ জীয়াভৰলী নদীৰ পাৰে পাৰে আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে এটি পথ৷ যি পথেদি পৰিভ্ৰমণ কৰি জীয়া ভৰলী নদীৰ ঘৰীয়া মাছ আৰু দুস্প্ৰাপ্য শিহুৰ খেলা উপভোগৰ সুবিধা লাভ কৰিব৷ সেয়ে জীয়া ভৰলী নদীৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিবলৈ এতিয়া শ শ পৰ্যটকৰ আগমন ঘটিছে জীয়াভৰলী নদীৰ পাৰলৈ৷ বহুলোকে ভৰলী নদীৰ নিৰ্মল বতাহ সেৱন কৰি প্ৰাঃত ভ্ৰমণ কৰাও পৰিলক্ষিত হৈছে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।