01/09/2023 - 13:09
in
গুৱাহাটীঃ অসমৰ আগশাৰীৰ জনপ্ৰিয় ৱেব মিডিয়া সংবাদ লহৰৰ তৃতীয় বৰ্ষপূতি উপলক্ষে শংকৰদেৱ কলাক্ষেত্ৰৰ বাগ্মীবৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গোৱালপাৰা জিলাৰ লাউডোবাৰ হৰিদাস বিশ্বাসলৈ অসমৰ সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়োৱা বাবে সংবাদ লহৰে এই বছৰৰ “জীৱনজোৰা সমাজসেৱা বটাঁ -২০২২”প্ৰদান কৰে৷ উল্লেখযোগ্য যে প্ৰতিবছৰে সংবাদ লহৰে প্ৰতিষ্ঠা দিৱসৰ দিনা দেশৰ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াই অহা লোক তথা প্ৰতিষ্ঠানক বঁটা প্ৰদান কৰি আহিছে৷ সংবাদ লহৰৰ হৈ এই বঁটা প্ৰদান কৰে কবি , সাহিত্যিক আৰু জ্যেষ্ঠ আৰক্ষী বিষয়া ড° নন্দ সিং বৰকলাই৷
উল্লেখযোগ্য যে ইতিমধ্যে অসমৰ সমাজ জগতখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে হৰিদাস বিশ্বাস৷ অসমৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে হৰিদাস বিশ্বাসক বিভিন্ন বঁটাৰে ইতিমধ্যে সন্মানিত কৰিছে৷ ছাত্ৰাৱস্থাৰ পৰা নিৰলসভাৱে সমাজসেৱা আগবঢ়োৱা বিশ্বাসক পাণ্ডু কলেজে সমাজকৰ্মী হিচাপে ইতিমধ্যে স্বীকৃতিও প্ৰদান কৰিছে৷
অসমৰ লগতে বিশেষকৈ গোৱালপাৰা জিলাৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত হৈ পৰা বিশ্বাসে ১৯৯৪ চনৰ পৰা বৰ্তমানলৈ হেকৰা মিলনপুৰ বজাৰ উন্নয়ন সমিতিৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷ ১৯৯৩ চনৰ পৰা বৰ্তমানলৈ ধূপধৰা বিকালী মৌজা উন্নয়ন সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য ৰ ওপৰিও গোৱালপাৰা জিলা অনুসুচীত জাতি পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য, সাংগঠনিক সম্পাদকৰ লগতে উক্ত চনৰ পৰা বৰ্তমানলৈ খুটাৱাৰী আঞ্চলিক অনুসুচীত জাতি পৰিষদৰ সম্পাদক হিচাপে বিশ্বাস সকলোৰে মাজত খুৱেই জনপ্ৰিয় এজন ব্যক্তি৷ ইয়াৰ ওপৰিও তেওঁ বিকালী জ্যেষ্ঠ নাগৰিক সংস্থাৰ সাংগঠনিক সম্পাদক৷
গোৱালপাৰা জিলাৰ বাগডোবা বেছিমাৰী হাইস্কুলত বিজ্ঞান বিষয়ত শিক্ষকতা কৰা সময়ত দক্ষিণ পশ্চিম অসম আন্ত: হাইস্কুল ব’ৰ্ডৰ কাৰ্যনিৰ্বাহক সদস্য ও হিচাপ পৰীক্ষক হিচাপে বিশ্বাসে নিৰলস ভাৱে সেৱা আগবঢ়াই আহিছে৷ উল্লেখযোগ্য যে অনুষ্ঠানত হৰিদাস বিশ্বাসৰ লগতে ড.ইলিয়াছ আলীক “জীৱনজোৰা চিকিৎসা সেৱা” বঁটা, জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসক “জীৱনজোৰা অভিনয় বঁটা”, বন্ধন বেংকক “অতি দৰিদ্ৰ সহায়ক বঁটা -২০২২”, হিমাংশু প্ৰসাদ দাসক “শ্ৰেষ্ঠ অভিনেতা, পৰিচালক বঁটা”কে ধৰি কেইবাগৰাকী লোক তথা অনুষ্ঠানক সংবাদ লহৰে বঁটা প্ৰদান কৰে৷ বিশ্বাসয়ে এই বঁটা লাভ কৰাৰ পিছতে তেওঁৰ জন্মভুমি লাউডোবাৰ লগতে সমগ্ৰ গোৱালপাৰা জিলাতে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে৷