ননৈ প্ৰাথমিক বিদ্যালয়ত প্ৰাক ভোগালী উৎসৱ উদযাপন

 01/10/2023 - 17:12
 
 
 
ঘগ্ৰাপাৰঃ নলবাৰী জিলাৰ এখন চৰকাৰী বিদ্যালয়ৰ সৌন্দৰ্য্যৰ বাতৰি সংবাদ মাধ্যমত শিৰোনাম দখল কৰাৰ লগতে ননৈ প্ৰাথমিক বিদ্যালয়খনে তিনিবাৰকৈ গুনুৎসৱত A +gredপাবলৈ সক্ষম হৈছে।উক্ত শিক্ষানুষ্ঠানখনৰ বিভিন্ন ধৰণৰ অনুষ্ঠানে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক অভিভাৱিকাৰ মন মুগ্ধ কৰি তুলিছে। যিটো সময়ত ৰাজ্যৰ একাংশ চৰকাৰী শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষকৰ অভাৱ, শিক্ষক-শিক্ষয়িত্ৰী অনুপাতে ছাত্ৰ-ছাত্ৰীৰ অভাৱ আৰু বিদ্যালয়ৰ আন্তঃগাঁথনিৰ অভাৱত গৰু ছাগলীৰ চৰণীয়া পথাৰলৈ পৰিণত হৈছে একাংশ চৰকাৰী বিদ্যালয়। তাৰ বিপৰীতে ননৈ প্ৰাথমিক বিদ্যালয়ত বিদ্যালয়ৰ প্ৰধান শিক্ষক অমল চন্দ্ৰ ডেকাৰ নেতৃত্বত বিদ্যালয়ৰ সহ শিক্ষক শিক্ষয়িত্ৰীৰ সহযোগত নিজৰ দৰমহাৰ কিছু ধন খৰচ কৰি ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে তথা বিদ্যালয়ৰ আন্তঃগাথঁনিকে ধৰি বিদ্যালয়খনৰ সকলো দিশ উন্নত আৰু জাকত জিলিকা কৰি তুলিছে। উল্লেখনীয় যে বিদ্যালয়খনৰ শিক্ষা ব্যৱস্থা তথা বিদ্যালয়খনৰ নিয়ম কানুন, সৌন্দৰ্য্য আৰু শিক্ষাৰ ক্ষেত্ৰত বহুগুণে আগবঢ়া বাবে বহু দূৰ-দুৰণিৰ ছাত্ৰ-ছাত্ৰী শিক্ষানুষ্ঠানখনত শিক্ষাগ্ৰহণ কৰিবলৈ আহা পৰিলক্ষিত হয়।
আজি বিদ্যালয়খনত প্ৰাক ভোগালী উৎসৱ উপলক্ষে ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ অসমীয়া পৰম্পৰাগত সংস্কৃতিৰ বিষয়ে বুজোৱাৰ উদ্দেশ্যে বিদ্যালয়তে লাড়ু, চুঙা পিঠা,টিল পিঠা,নাৰিকলৰ চিৰা,দৈ-চিৰা,জুলিয়া মিঠাই,গুড়িসান্দহ প্ৰস্তুত কৰি তুলিছে। শিক্ষক শিক্ষয়িত্ৰীৰ সহযোগত ছাত্ৰ-ছাত্ৰীসকলে নিজে কলখেতিলৈ গৈ কল গছৰ পতুৱা কাটি ভোগালীৰ যা -জলপানেৰে শিক্ষক শিক্ষয়িত্ৰীৰ লগতে জ্যেষ্ঠসকলক আপ্পায়ন কৰে,শিক্ষক শিক্ষয়িত্ৰী সকলেও ছাত্ৰ ছাত্ৰী সকলক ভোগালীৰ জলপানেৰে আপ্পায়ন কৰাৰ লগতে বিদ্যালয়ৰ চৌহদত মেজি প্ৰস্তুত কৰি সাতামপুৰুষীয়া সংস্কৃতি বৰ্তাই ৰখাৰ উদ্দেশ্যে ছাত্ৰ ছাত্ৰী সকলৰ মাজত এক নৱজাগৰণ সৃষ্টি কৰে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।