কামৰূপ জিলা পৰিবহণ বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ

 01/11/2023 - 16:13
 
 
 
 
 
চাংসাৰিঃ কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় এই উপলক্ষে এক সজাগতা সভা। গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই মুখ্য অতিথি হিচাপে উপস্থিত থকা সভাখনত উপস্থিত থাকে জিলা উপায়ুক্ত কীৰ্তী জ্জল্লীৰ লগতে জিলা খনৰ ভালেসংখ্যক বিষয়ববীয়া।
 
জিলাখনত অব্যাহত থকা ডাম্পাৰৰ দৌৰাত্ম্য ৰোধ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় সাংসদ কুইন ওজাই। জিলাখনৰ কলেজ সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো পথ সজাগতা সৃষ্টি কৰিবলৈ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে কামৰূপ জিলা উপায়ুক্ত আৰু জিলা পৰিবহণ বিভাগৰ সহযোগিতা বিচাৰে।
 
সভাৰ অন্তত আৰক্ষী অধীক্ষক কাৰ্যালয় প্ৰাংগণৰ পৰা চাংসাৰি লৈ এক সজাগতা ৰেলি উলিওৱা হয়। বিভিন্ন শ্ল’গান সন্নিৱিষ্ট বেনাৰ লৈ উলিওৱা এই ৰেলিত অংশগ্ৰহণ কৰে জিলা পৰিবহণ বিভাগৰ লগতে জিলা খনৰ শতাধিক আৰক্ষীৰ জোৱানে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।