ড০ হিমন্ত বিশ্ব শৰ্মা সাম্প্ৰদায়িক নহয়,মুখ্যমন্ত্ৰী সাম্প্ৰদায়িক!

 01/12/2023 - 15:07

​এখন দেশ বা ৰাজ্যত বিভিন্ন ধৰ্মৰ ভাষাৰ অথবা জনগোষ্ঠীৰ লোক বাস কৰে৷ সকলোৰে ধৰ্মীয় আৰু সামাজিক আচাৰ ব্যৱহাৰ সুকীয়া হ’লেও গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ দ্বাৰা পৰিচালিত হয়৷ গণতন্ত্ৰ মানে সংখ্যাৰ ওপৰত নিৰ্ভৰশীল,য’ত সংখ্যাৰ কথা থাকিব ত’ত সংখ্যালঘু বঞ্চিত বা লাঞ্ছিত হোৱাৰ আশংকা থাকে৷ সংখ্যা গৰিষ্ঠতাৰ বাবে শাসনৰ গাদীত বহিলেও সংখ্যালঘুৰ অধিকাৰ খৰ্ব হোৱাটো উচিত নহয়৷ দেশ শাসন শক্তি সকলো থাকিলেও নৈতিকতাৰ কথাও আহি পৰে৷ সংখ্যাগৰিষ্ঠৰ মত যে সকলোতে ৰজিব পাৰে কিন্ত ভুল শুদ্ধৰ বিচাৰ কৰিব লাগিব৷
হাতত শক্তি থাকিলে বুলিয়েই নিৰ্দিষ্ট ধৰ্মীয় বা সংখ্যালঘুক অধিকাৰৰ পৰা বঞ্চিত কৰাটো কোনোপধ্যে যুক্তিসংগত হ’ব নোৱাৰে৷

শেহতীয়াকৈ অসমৰ কিছু অঞ্চলত উচ্ছেদ চলিছে, এই উচ্ছেদৰ পৰা বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে সংখ্যালঘু তথা মুছলমানসকল৷ কিয়নো চৰ চাপৰি বা নৈ কাষৰীয়া অঞ্চলত বসবাস কৰা অধিকাংশ লোকেই হ’ল মুছলমান৷ নদীৰ গৰা খহনীয়া আদিকে ধৰি বিভিন্ন সমস্যাৰ বাবে মাটি-ভেঁটি হেৰুওৱা এইসকল লোকৰ হাতত মাটিৰ উপযুক্ত নথি-পত্ৰ নাথাকে৷ ইয়াকে লৈ সংঘাত আৰম্ভ হৈছে৷ সংখ্যালঘু সংগঠন ৰাজপথলৈ আহিছে৷ একাংশই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাম্প্ৰদায়িক আখ্যা দিছে৷ যিকোনো উচ্ছেদ অমানৱীয়৷ এই প্ৰচণ্ড শীতত নিশা ঘৰ-দুৱাৰ ভাঙি তচনচ কৰা,খেতিপথাৰ নষ্ট কৰাটো মুঠেও গ্ৰহণযোগ্য নহয়৷এই উচ্ছেদ অকল মুছলমান বসতিপ্ৰধানত চলা বুলি অনা অভিযোগ কিন্ত সম্পূৰ্ণ সঁচা নহয়৷ ইতিমধ্যে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত থকা আঠখন গাঁৱৰ সমষ্টি লাইকা-দধিয়াত উচ্ছেদ চলাইছে৷ এই লাইকা-দধিয়াত চলোৱা উচ্ছেদত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে জনগোষ্ঠীয় লোক৷ কিন্ত শেহতীয়াকৈ উচ্ছেদ চলোৱা নগাঁও,বৰপেটা,বিলাসীপাৰা,দৰং,লখিমপুৰ জিলাত ক্ষতিগ্ৰস্ত হোৱা অধিকাংশ লোক সংখ্যালঘু ৷ যদি চৰকাৰে মহৎ উদ্দেশ্যৰে উচ্ছেদ চলাব বিচাৰে তেনেহ’লে সংখ্যাগৰিষ্ঠ অঞ্চলতো কৰিব পাৰে কিন্ত সেয়া নকৰে, অকল সংখ্যালঘু আৰু জনগোষ্ঠীয় অঞ্চলতহে উচ্ছেদ চলাইছে৷ এফালে অসমৰ ভূমি ৰামদেৱ,আদানী-আম্বানিৰ দৰে বহিৰাগতক দিয়াৰ ব্যৱস্থা কৰিছে আনফালে এবিঘা দুবিঘা মাটি দখল কৰা সাধাৰণ দুখীয়া ৰাইজক উচ্ছেদ কৰিছে৷ এয়া কিন্ত উচিত হোৱা নাই৷ 

মুখ্যমন্ত্ৰী এইবোৰ কাম কিয় কৰি আছে?

ড° হিমন্ত বিশ্ব শৰ্মা কোনোদিনে সাম্প্ৰদায়িক নাছিল৷ যেতিয়াই মুছলমান সমাজলৈ বিপদ আহিছে তেতিয়াই হিমন্ত বিশ্ব শৰ্মাই ত্ৰাণকৰ্তাৰ ৰূপত আৱিৰ্ভাৱ হৈছে৷ যদি আমি উভিত চাও ২০০৮চনলৈ৷ মহানগৰীত ধাৰাবাহিক বোমা বিষ্ফোৰণ সংঘটিত হৈছিল৷ এই বোমা বিষ্ফোৰণে কাঢ়ি নিছিল বহুতৰে জীৱন আন বহুতক চিৰদিনৰ বাবে ঘূণীয়া কৰিলে৷ চৌদিশে প্ৰতিবাদ আৰম্ভ হ’ল৷ একাংশ সংবাদ মাধ্যমত প্ৰচাৰ হ’ল এই ধাৰাবাহিক বিষ্ফোৰণত আঁৰত আছে জেহাদী,লগেলগে আৰম্ভ হ’ল মুছলমান সমাজৰ বিৰুদ্ধে তীব্ৰ ঘৃণা বিদ্বেষ আৰম্ভ ভয়ংকৰ ষড়যন্ত্ৰ৷

তাৰপাছত ড° হিমন্ত বিশ্ব শৰ্মাই সাহসেৰে সংবাদমেল দি এই বিষ্ফোৰণত বড়ো উগ্ৰপন্থীৰ হাত থকা বুলি ঘোষণা কৰিলে৷ ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ দিশে আগবঢ়া অসমতখন সেইখিনি সময়ত ৰক্ষা পৰিল৷

ড° হিমন্ত বিশ্ব শৰ্মা ইছলামবিৰোধী বা সাম্প্ৰদায়িক নাছিল,সেয়া বিভিন্ন কৰ্মৰে পৰিচয় দি থৈছে সংখ্যালঘুক প্ৰতিনিধিত্ব কৰা একাংশ মন্ত্ৰী বিধায়কে মুছলমান সমাজক যথেষ্ট ক্ষতি কৰিছে৷ ঈদ ৰমজান মাহত জালুকবাৰী সমষ্টিৰ মছজিদে মছজিদে ড° হিমন্ত বিশ্বৰ পৰিয়ালৰ পৰা যায় উপহাৰ,ইফটাৰৰ টোপোলা৷ কংগ্ৰেছ চৰকাৰৰ দিনত বৰপেটা মেডিকেল কলেজখন ভাৰতৰ ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ নামাকৰণ কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা ব্যক্তিজনে ড° হিমন্ত বিশ্ব শৰ্মা৷ ৰাজ্যত টেট আদিকে ধৰি এপিএছচিৰ পৰা সাধাৰণ নিযুক্তি পৰীক্ষালৈকে সকলোতে নিকা ব্যৱস্থা কৰা বাবে মেধাৰ বলত মুছলমান যুৱক যুৱতীয়েও চাকৰি লাভ কৰিছে সেয়া নস্যাৎ কৰিব নোৱাৰি৷ আজিও ড° হিমন্ত বিশ্ব শৰ্মাৰ আশেপাশে সংখ্যালঘু নেতা-কৰ্মী বিৰাজমান৷ বহু সংখ্যালঘু যুৱকক নেতা বনাই এটা সুশৃঙ্খলিত জীৱন উপহাৰ দিছে৷ নিজৰ সমষ্টিত হিন্দু মুছলমানৰ প্ৰভেদ নিবিচাৰি সকলোকে কৰ্মসংস্থাপনৰ পথ দেখুওৱা ড° হিমন্ত বিশ্ব শৰ্মা কিয় সাম্প্ৰদায়িক হ’ল৷.

মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন নিউজ চেনেলৰ পৰা আৰম্ভ কৰি ব্যক্তিগত চালকজনলৈকে দেখোন মুছলমান ধৰ্মালম্বীৰ৷ মুখ্যমন্ত্ৰীৰ পত্নীৰ গাড়ীচালকজন হ’ল গোৱালপাৰাৰ আনোৱাৰ হুছেইন ঠিক একেদৰে নিউজ লাইভৰ মুখ্য সম্পাদক জেৰিৰ হুছেইন আৰু নৰ্থইষ্ট লাইভৰ মুখ্য সম্পাদক ৱাচবিৰ হুছেইনৰো ধৰ্ম ইছলাম৷ শিল্পী সাহিত্যিকৰ যে কোনো ধৰ্ম নাথাকে সেয়া সময়ে সময়ে প্ৰমাণ হৈ থাকিলেও ৰাজনীতি আৰু সমাজ যে বেলেগ সেয়াও দেখিবলৈ পোৱা গৈছে৷ মুখ্যমন্ত্ৰীৰ পত্নীয়ে উগ্ৰ সাম্প্ৰদায়িক মনোবৃত্তিৰ শিল্পীক লৈ কোনো অনুষ্ঠানৰ আয়োজন কৰা নাই৷ কাশ্মীৰ ফাইলছৰ পৰিচালকক অসমলৈ আমন্ত্ৰণ কৰি সন্মান জনোৱা নাই৷ তাৰ বিপৰীতে প্ৰসিদ্ব সংগীত শিল্পী লাকী আলীক আমন্ত্ৰণ কৰি অনুষ্ঠান পৰিচালনা কৰিছে৷ অহা ৩০জানুৱাৰীত আমন্ত্ৰণ কৰিছে এআৰ ৰহমানৰ নিচিনা প্ৰসিদ্ধ সংগীত শিল্পীক৷
হয় ৰাজনীতিৰ পথাৰত মুখ্যমন্ত্ৰীয়ে এনেকুৱা সিদ্ধান্ত লৈছে যাৰবাবে ইছলাম সমাজে কষ্ট পাইছে৷ কিছুমান কামকাজে মুখ্যমন্ত্ৰীজনক সাম্প্ৰদায়িক যেন লাগিছে৷
এইখিনিতে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক মন্তব্য আৰু ব্যক্তিগত মন্তব্যও চাব লাগিব৷ ৰাজনৈতিক সিদ্ধান্ত মন্তব্যবোৰৰ আঁৰৰ কথা জানিবলৈ চেষ্টা কৰিব লাগিব৷ আৰএছএছ বা সংঘ পৰিয়ালক সন্তুষ্ট কৰি মুখ্যমন্ত্ৰীৰ আসনখনত বহি থকাটো ইমান সহজ নহয়৷ ড° হিমন্ত বিশ্ব শৰ্মা সাম্প্ৰদায়িক নাছিল আৰু নহয় বুলিয়েই আমাৰ বিশ্বাস কিন্ত শাসক হিচাপে মুখ্যমন্ত্ৰীজন কোনোবাখিনিত সাম্প্ৰদায়িক হৈছে নেকি?

-তফিকউদ্দিন আহমেদ

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।