01/20/2023 - 16:37
in
জামুগুৰিহাটঃ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱলৈ মাজত মাত্ৰ ডেৰ মাহ বাকী৷ ভাৰত বৰ্ষৰ একক সৰ্ববৃহৎ সাংস্কৃতিক অনুষ্ঠান বাৰেচহৰীয়া ভাওনাত এইবেলি নতুনকৈ সংযোজন ঘটিব যুৱ প্ৰজন্মৰ দ্বাৰা গায়ন বায়নৰ প্ৰদৰ্শন৷ সৰ্বমুঠ ২১ খন খলাত একেলগে প্ৰায় তিনিশতাধিক যুৱ প্ৰজন্মই প্ৰদৰ্শন কৰিব লগা এই গায়ন বায়নৰ প্ৰশিক্ষণৰ আজি শুভ উদ্বোধন কৰে উদযাপন সমিতিৰ সভাপতি তথা চতিয়া সমষ্টিৰ বিধায়ক ভৰলী কোঁৱৰ পদ্ম হাজৰিকাই৷ হাতত খোল আৰু তাল লৈ দুয়োটি বাদ্য নিজে বজাই এইদৰেই শুকুৰবাৰে বিয়লি শুভাৰম্ভ কৰিলে জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনাৰ বৃহৎ খোল প্ৰশিক্ষণৰ কাৰ্যসূচীৰ৷
আৰু মাত্ৰ ডেৰ মাহৰ পিছতেই অনুষ্ঠিত হ’ব গা ভাৰতৰ একক সৰ্ববৃহৎ সাংস্কৃতিক অনুষ্ঠান বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ এইয়া আনুষ্ঠানিক শুভাৰম্ভণি৷ অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ প্ৰায় তিনি শতাধিক যুৱ প্ৰজন্মই অংশগ্ৰহণ কৰা এই গায়ন বায়নৰ প্ৰশিক্ষণত ব্যৱহৃত খোল তালৰ শব্দই মুখৰ কৰি তুলিলে জামুগুৰিহাটৰ পাঞ্চজন্য বৰ নামঘৰৰ চৌপাশ৷
এমাহ ধৰি চলিব লগা এই প্ৰশিক্ষণত যুৱ প্ৰজন্মই সঠিক আৰু শুদ্ধ ৰূপত শংকৰী কলা কৃষ্টিৰ এই গায়ন বায়ন প্ৰদৰ্শন কৰিব আহিব লগা বাৰেচহৰীয়া ভাওনা মহোৎসৱত৷ ইতিমধ্যে এই গায়ন বায়নৰ প্ৰশিক্ষণত বাজি উঠা খোল তালৰ শব্দৰ পিছতেই আনুষ্ঠানিকভাৱে বাৰেচহৰীয়া ভাওনা মহোৎসৱলৈ ককালত টঙালী বান্ধিলে জামুগুৰীয়া ৰাইজে৷