01/21/2023 - 13:52
in
![](https://pratibimbalive.com/sites/default/files/styles/article-detail/public/articles/uuuuuu_6.jpg?itok=hV22T3Z3)
পোন প্ৰথমবাৰৰ বাবে জলেশ্বৰ সমষ্টিৰ জামাদাৰহাটত উপস্থিত ধুবুৰী জিলাৰ উপায়ুক্ত শ্ৰী যুত দিবাকৰ নাথ। দ্বাৰ মুকলি কৰে জামাদাৰহাট খণ্ড উন্নয়ন বিষয়া কাৰ্য্যালয়ৰ নৱ নিৰ্মিত ভৱন। বিভিন্ন দুৰ্গম অঞ্চল পৰিদৰ্শন কৰি সমস্যাৰ বুজ লয় উপায়ুক্ত গৰাকীয়ে নদী পথেৰে ধুবুৰী জিলাৰ দক্ষিন পাৰৰ জলেশ্বৰ সমষ্টিৰ ঐতিহাসিক বুঢ়াবুঢ়ী থানত উপস্থিত হৈ বুঢ়াবুঢ়ী মন্দিৰ দৰ্শন কৰি আশীষ লয়।
বুঢ়াবুঢ়ীৰ লগতে নিছিনপুৰ আদি অঞ্চলৰ গৰাখহনীয়া ঠাইসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। আৰু ৰাইজৰ সৈতে মত বিনিময় কৰে। চিৰাকুটি স্তিত জামাদাৰহাট খণ্ড উন্নয়ন বিষয়া কাৰ্য্যালয়ৰ এটা নৱ নিৰ্মিত ভৱনৰ দ্বাৰ মুকলি কৰে উপায়ুক্ত গৰাকীয়ে। জিলা উপাযুক্তৰ লগত সংগ দিয়ে জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাব উদ্দিন মোল্লাৰ লগতে জলেশ্বৰ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ যুৱনেতা ওচমান গনি।