চতিয়াৰ মূলা গাভৰু মৈদামত মে ডাম মে ফিৰ ব্যাপক প্ৰস্তুতি

 01/24/2023 - 12:58
 
 
 
 
 
জামুগুৰিহাটঃ জামুগুৰিহাটৰ সমীপৰ চতিয়াৰ ঐতিহাসিক মূলা গাভৰু মৈদামত মে ডাম মে ফিৰ ব্যাপক প্ৰস্তুতি চলাইছে ৰাইজে। মেডাম মেফিৰ বাবে মৈদামত ৰাজহুৱা শ্ৰমদান কৰে ৰাইজে।অসমীয়াৰ স্বভিমান বিৰংগনা নাৰী মূলা গাভৰুক চতিয়াৰ উত্তৰ অঞ্চলৰ বেজহোলা চলাহোলাৰ মাজৰ এই ঠাইতে সমাধিস্থ কৰা হৈছিল বুলি কেইবাগৰাকীও ইতিহাসবিদে ইতিমধ্যে নিশ্চিত কৰিছে৷ পুৰাতাত্ত্বিক বিভাগেও গৱেষণা চলাই আহিছে আই ভেটি নামৰ খ্যাত এই ঠাই।
 
বৰ্তমানেও পুৰাতাত্ত্বিক বিভাগে সম্পূৰ্ণ স্বীকৃতি প্ৰদান কৰা নাই যদিও অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মাৰ্চ মাহত এই ঐতিহাসিক মূলা গাভৰু মৈদাম পৰিদৰ্শন কৰিব বুলি উদোক্তাসকলে প্ৰকাশ কৰিছে৷ তেওঁলোক আশাবাদী মূলা গাভৰু মৈদাম হিচাপে পুৰাতাত্ত্বিক বিভাগে স্বীকৃতি প্ৰদান কৰিব। এই ঐতিহাসিক মূলা গাভৰু মৈদামতে দ্বিতীয়বাৰৰ বাবে বিশালভাৱে মেডাম মেফিৰ ব্যাপক প্ৰস্তুতি ‌চলাইছে ৰাইজে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।