গহপুৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত দুলাৰাই বাথৌ খেৰাই পূজা

 01/24/2023 - 16:25
 
 
গহপুৰঃ গহপুৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈছে দুলাৰাই বাথৌ খেৰাই পূজা। গহপুৰৰ পশ্চিম জৰাবাৰীত বিশ্বনাথ আৰু লখিমপুৰ দুখন জিলাৰ শাখা সমিতিৰ সহযোগত বড়ো জনগোষ্ঠীসকলৰ পৰম্পৰাগত লোক সংস্কৃতি খেৰাই পূজাৰ পুৱা ৭ বজাত ধৰ্মধ্বজা আৰু মূলদ্বাৰ উন্মোচন কৰাৰ লগতে মাঙ্গলিক ৰীতি-নীতিৰে খাম চিফুং বাদ্য ধ্বনিৰে শুভাৰম্ভ কৰা হয় খেৰাই পূজা। উল্লেখ্য যে জনগোষ্ঠীটোৰ পূৰ্বপুৰুষসকলৰ সন্তুষ্টি আৰু দেৱ-দেৱতাসকলক সন্তুষ্ট কৰাৰ লগতে সকলো অপায়-অমঙ্গল নাশ কৰি শান্তি স্থাপনৰ বাবে পালন কৰা হয় এই পূজা।
 
   
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।