কামৰূপৰ কমলপুৰটো ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন

 01/26/2023 - 14:30
 
 
বাইহাটা চাৰিআলিঃ দেশৰ অন্য প্ৰান্তৰ দৰে কামৰূপৰ কমলপুৰটো উদযাপন কৰা হয় ৭৪ সংখ্যক গণৰাজ্য দিৱস। গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে কমলপুৰ ৰাজহ চক্ৰ বিষয়া পৰিক্ষীত ফুকনে। গণৰাজ্য দিৱসৰ চালামীত অংশগ্ৰহণ কৰে কমলপুৰ আৰক্ষী থানাৰ আৰক্ষী জোৱানসকলে। ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিচতে অনুষ্ঠিত হয় চক্ৰ বিষয়াৰ কাৰ্যলয়ৰ অন্তৰ্গত বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ সাংস্কৃতিক অনুষ্ঠান। গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন বিষয়ত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিসকলক সম্বৰ্ধনা জনোৱাৰ লগতে বঁটা প্ৰদান কৰে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।