গজালিৰ দশক জয়ন্তী উদযাপন

 01/29/2023 - 19:37
 
 
বাহাৰঘাটঃ নলবাৰী জিলাৰ বগল’চ ৰোড অময়াপূৰৰ জেপ আলোচনী গজালিৰ আজি দশক জয়ন্তী উদযাপন কৰে৷ তদুপলক্ষে পাগলাদিয়াৰ বালিচাপৰিত পুৱাৰে পৰা এজাক কবিৰ আবেগভৰা কন্ঠৰে নিগৰা শব্দৰ মায়াজালত ড০ পূৰ্ণ ভট্টাচাৰ্য্য,দীপক বৰগয়াৰীক ক্ৰমে ধনেশ্বৰী দেৱী স্মৃতি গজালি কাব্য বঁটা আৰু মোক্ষদা বালা দত্ত স্মৃতি গজালি যুৱ কাব্য বটাৰ লগতে ব্যংগ সাহিত্যিক ৰিজু হাজৰিকাৰ ৰুহুনী দত্ত স্মৃতি গজালি ব্যংগ সাহিত্যিক বটা প্ৰদান কৰে৷
 
অনুষ্ঠানটোৰ সঞ্চালনা কৰে বিশিষ্ট কবি হীৰেন কুমাৰ শৰ্মাই, অনুষ্ঠানত গজালিৰ একাদশ বৰ্ষৰ প্ৰথম সংখ্যাৰ উপৰিও অন্য কেইবাখনো গ্ৰন্থ উন্মোচন কৰে৷ ইয়াৰোপৰি এটি গীতৰ এলবাম মুকলি কৰে সদৌ অসম সাংবাদিক সন্থাৰ সম্পাদক নকুল চন্দ্ৰ তালুকদাৰে৷ ইয়াৰ আগতে অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰে নলবাৰী মহাবিদ্যালয়ৰ অৱসৰি অধ্যাপক ড°দীনমণি ভাগৱতীয়ে৷ উল্লেখ্য যে কবিতা অনুষ্ঠানত অসমৰ কেইবাগৰাকীও কবিয়ে কবিতা পাঠ কৰাৰ লগতে কেইবাটাও গীত আৰু বাহীৰ সুৰে আকৰ্ষণীয় কৰি তোলে৷
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।