উত্তৰ গুৱাহাটীৰ ‘যোগনিলয়ম’ত বিশ্ব যোগ দিৱসৰ প্ৰস্তুতি

 06/18/2019 - 14:22

গুৱাহাটীঃ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসটি উত্তৰ গুৱাহাটীস্থিত ‘যোগনিলয়ম’ত অহা ২১ জুন তাৰিখে ৰাতিপুৱা ৫:৩০ পৰা ৭:০০বজালৈ অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাই থকা হৈছে। কাৰ্যক্ৰম অনুসৰি পুৱা ৫:৩০ বজাত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা হ’ব। ইয়াৰ পাছতে আসন অভ্যাস, বৌদ্ধিক বিকাশ, গছপুলি ৰোপণ কৰিব সেৱা ভাৰতী পূৰ্বাঞ্চলৰ সাংগঠনিক সম্পাদক সুৰেন্দ্ৰজীয়ে।

শেষত কল্যাণ মন্ত্ৰৰে অনুষ্ঠান সম্পন্ন হ’ব। সমগ্ৰ বিশ্বই যোগৰ গুৰুত্ব মানি লৈছে। যোগ অকল দুটা আসন বা প্ৰাণায়াম নহয়৷ যোগ আমাৰ জীৱনশৈলী। বৰ্তমান সমাজত নিজকে সক্ৰিয় ৰখাটো অতি প্ৰয়োজনীয়। ২৪ ঘন্টাত মাত্ৰ ১ ঘণ্টাৰ যোগত শাৰীৰিক, মানসিক, আধ্যাত্মিক, বৌদ্ধিক শক্তি পোৱা যায়।

এই সকলো গুৰুত্ব উপলব্ধি কৰি ২০১৪ চনত ৰাষ্ট্ৰসংঘই যোগক মান্যতা দি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছে। ৰাষ্ট্ৰসংঘৰ এই মান্যতা ভাৰতবৰ্ষৰ বাবে অতি গৌৰৱৰ কথা। ২১ জুন সমগ্ৰ বিশ্বতে যোগ দিৱস হিচাপে পালন কৰে। নিয়মিত যোগাভ্যাসে শৰীৰ নিৰোগী কৰে। বেমাৰ নহ’লেও ৰোগমুক্ত শৰীৰৰ বাব নিয়মিত যোগাভ্যাস কৰিব লাগে।

যোগনিলয়মত নামভৰ্তি কৰিব বিচৰাসকলক সবিশেষ জনাৰ বাবে ধনঞ্জয় চুতীয়াৰ লগত ৯৯৫৭২৮৭০৩৯ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।