মাতি লৈ জুবিনক অপমান কৰিলে আটাছুৱে! জুবিনেও ফেচবুকত লিখিলে ক্ষোভ ভৰা পোষ্ট...

 07/15/2024 - 00:04

ডিজিটেল ডেস্কঃ সকলো ঠিক-ঠাক হৈছিল। জুবিন গাৰ্গে কমিটিক কথাও দিছিল যাম বুলি। কিন্তু কমিটিৰ অপেছাদাৰী কিছু কাৰবাৰৰ বাবে অৱশেষত অনুষ্ঠান বাতিল কৰিলে জুবিন গাৰ্গ আৰু তেওঁৰ টীমে। জুবিনে বাতিল কৰা অনুষ্ঠানটো আয়োজন কৰিছিল সদৌ অসম তাই আহোম ছাত্ৰ সন্থাই। ৩৬সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি এইবেলি আটাছুৱে উদযাপনৰ দিহা কৰিছিল তিনিচুকীয়াৰ বৰলাইপুলিত।

সাংস্কৃতিক অনুষ্ঠানৰ বাবে ১৪জুলাই মানস ৰবীন আৰু ১৫জুলাই জুবিন গাৰ্গক ঠিক কৰিছিল। কিন্তু উদযাপন সমিতিৰ কিছু বিসংগতিমূলক কামৰ বাবে অৱশেষত এই অনুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে জুবিনে। এই কথা নিজা ফেচবুক পেইজৰ জৰিয়তে ৰাজহুৱা কৰিলে শিল্পীগৰাকীয়ে।

জুবিনে নিজা  ফেচবুক পেইজত লিখিছে এইদৰে-  Sorry to inform the people of Tinsukia that this program stands cancelled due to the unprofessionalism of the organizers. My team has informed me about the discrepancy, and I stand by my management. I regret that I couldn't meet you guys! We shall see each other soon…

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।