কিনিয়েই নতুন কাপোৰ আপুনিও পিন্ধে নেকি? এই ভুল আৰু নকৰিব...

 09/13/2024 - 20:13
ডিজিটেল ডেস্কঃ  নতুন কাপোৰ কাৰখানাৰ পৰা ‘ষ্ট’ৰ’সমূহলৈ পোনপটীয়াকৈ আহে। এই সময়ছোৱাত সেইবোৰ বহুতো ৰাসায়নিক পদাৰ্থ, ধূলি আৰু বেক্টেৰিয়াৰ সংস্পৰ্শলৈ আহে।যাৰ ফলত ই আপোনাৰ শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে। আজি এই বিষয়ে জানো আহক-
 
 
ৰাসায়নিক অৱশিষ্ট
 
নতুন কাপোৰত প্ৰায়ে ফৰ্মেলডিহাইড আৰু অন্যান্য ৰাসায়নিক পদাৰ্থ থাকে, যিসমূহক  কাপোৰ কোঁচ খোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ আৰু ৰং স্থিৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই ৰাসায়নিক পদাৰ্থবোৰ ছালৰ বাবে ক্ষতিকাৰক।ই ছালৰ জ্বলা-পোৰা, খজুৱতি বা চোকোৰা সৃষ্টি কৰিব পাৰে।
 
এলাৰ্জি-ছালৰ সমস্যা
 
নতুন কাপোৰত ৰাসায়নিক পদাৰ্থ আৰু ধুলিৰ ফলত এলাৰ্জিৰ প্ৰতিক্ৰিয়া হ'ব পাৰে। ছালৰ জ্বলা-পোৰা, খজুৱতি আৰু দাগ হ'ব পাৰে। বিশেষকৈ সংবেদনশীল ছালৰ গৰাকীসকল এই ক্ষেত্ৰত সাৱধান হ'ব লাগে।নোধোৱাকৈ নতুন কাপোৰ পিন্ধিলে ছালত ডাৰ্মাটাইটিছ (একজিমা) হ'ব পাৰে। যাৰ ফলত ছাল ৰঙা, ফুলা আৰু খজুৱতি হয়।
 
 বেক্টেৰিয়া-ভেঁকুৰৰ সংক্ৰমণ
 
নতুন কাপোৰবোৰ বিভিন্ন লোকে স্পৰ্শ কৰে আৰু ইয়াক দোকানতো প্ৰদৰ্শন কৰা হয়।যাৰ ফলত সেইবোৰ বেক্টেৰিয়া আৰু ভেঁকুৰৰ সংস্পৰ্শলৈ আহে। নোধোৱাকৈ নতুন কাপোৰ পিন্ধিলে এই বেক্টেৰিয়া আৰু ভেঁকুৰে ছালত সংক্ৰমণ বিয়পাব পাৰে। বিশেষকৈ টান কাপোৰ, অন্তৰ্বাস আদিৰ পিন্ধিলে সংক্ৰমণৰ আশংকা খুব বেছি পৰিমাণে বৃদ্ধি হয়।
 
ৰাসায়নিক গোন্ধ-শ্বাস-প্ৰশ্বাসৰ সমস্যা
 
নতুন কাপোৰৰ পৰা ওলোৱা ৰাসায়নিক গোন্ধৰ ফলত কিছুমান লোকৰ শ্বাস-প্ৰশ্বাসৰ সমস্যা হ'ব পাৰে। বিশেষকৈ যদি তেওঁলোক ইতিমধ্যে হাপানী বা অন্যান্য শ্বাস-প্ৰশ্বাসৰ সমস্যাত ভুগি আছে।
 
ধূলি-ময়লা
 
কাপোৰ বনোৱা আৰু পেকিং কৰাৰ সময়ত ধূলি তথা বিভিন্ন লেতেৰা কাপোৰত লাগি ধৰে।এই লেতেৰা ছালৰ পোনপটীয়া সংস্পৰ্শলৈ আহিলে ছালৰ জ্বলা-পোৰা বা খজুৱতি হ'ব পাৰে।
 
 ৰঙৰ কণা
 
কাপোৰত ৰং প্ৰয়োগৰ সময়ত কিছুমান ৰঙৰ অৱশিষ্ট তাত থাকি যাব পাৰে।যি ছালৰ সংস্পৰ্শলৈ আহি ৰাসায়নিক বিক্ৰিয়া সৃষ্টি কৰিব পাৰে। যাৰ ফলত ছালৰ জ্বলা-পোৰা বা এলাৰ্জিক প্ৰতিক্ৰিয়া হ'ব পাৰে।
 
সেয়েহে, নতুন কাপোৰ পিন্ধাৰ আগতে কাপোৰখিনি ভালদৰে ধুব।কাপোৰ ধুলে ই ৰাসায়নিক পদাৰ্থ, ধুলি আৰু বেক্টেৰিয়া আঁতৰ কৰাত সহায় কৰিব।কাপোৰ ধুওঁতে মৃদু আৰু সুগন্ধি-মুক্ত ডিটাৰ্জেণ্ট ব্যৱহাৰ কৰিব।কাপোৰ সদায় ৰ'দত শুকুৱাব।কাপোৰ ৰ'দত শুকুৱালে বেক্টেৰিয়া আৰু ভেঁকুৰৰ আশংকা হ্ৰাস হয়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।