সাহিত্য জগতৰ এটি তৰা খহিঁ পৰিলঃ 'বিস্ময়'ৰ স্ৰষ্টা আৰু নাই...

 10/26/2024 - 01:38

ডিজিটেল ডেস্কঃ অসমৰ সাহিত্য ক্ষেত্ৰৰ বাবে এয়া এক অপূৰণীয় ক্ষতি। "বিস্ময়"ৰ প্ৰতিষ্ঠাপক সম্পাদক শশী ফুকনৰ দেহাৱসান। ৭৮ বছৰ বয়সত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত দেহাৱসান ঘটে বিশিষ্ট সম্পাদক গৰাকীৰ।  মাজতে কিছু সংশয় আহিছিল যদিও পঞ্চাশ বছৰৰো অধিককাল নিৰৱচ্ছিন্নভাৱে বিস্ময়ৰ প্ৰকাশ কৰি গৈছিল শশী ফুকনে।

বিগত ডেৰমাহতকৈও অধিক সময় ধৰি চিকিৎসাধীন হৈ আছিল শশী ফুকন। প্ৰথমে মহানগৰীৰ হায়াট হাস্পতালত ভৰ্তি হৈ আছিল যদিও পৰৱৰ্তী সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা হয় শশী ফুকনক। যোৱা ৭ ছেপ্টেম্বৰত ঘৰতে পৰি আঘাতপ্ৰাপ্ত হৈছিল শশী ফুকন।

যথেষ্ট ৰক্তক্ষৰণ হোৱা বাবে পৰিয়ালে ততাতৈয়াকৈ ভৰ্ত্তি কৰিছিল সমীপতে থকা হায়াট হাস্পতালত। যোৱা ৭ ছেপ্টেম্বৰৰ পৰাই ICUত চিকিৎসাধীন হৈ আছিল শশী ফুকন। বিশিষ্ট সাহিত্যিকগৰাকীক চিকিৎসাৰ ক্ষেত্ৰত অসম চৰকাৰেও আগবঢ়াইছিল বিশেষ আৰ্থিক সাহায্য।

যোৱা ৭ ছেপ্টেম্বৰত ঘৰতে পৰি আঘাতপ্ৰাপ্ত হৈছিল শশী ফুকন। যথেষ্ট ৰক্তক্ষৰণ হোৱা বাবে পৰিয়ালে ততাতৈয়াকৈ ভৰ্তি কৰিছিল সমীপতে থকা হায়াট হাস্পতালত। আজি তেওঁৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে ৰাজ্যৰ বিভিন্ন মহলত গভীৰ শোকৰ ছাঁ পৰিছে।

 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।