বটদ্ৰৱাত "স্কুলত সুৰক্ষিত আৰু পুষ্টিকৰ খাদ্য" বিষয়ক কৰ্মশালা সম্পন্ন

 06/18/2019 - 19:54

বটদ্ৰৱা: খাদ্য সুৰক্ষা অসমৰ দ্বাৰা আয়োজিত ভাৰত চৰকাৰৰ খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণৰ উদ্যোগত আৰু বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত আজি বটদ্ৰৱা থানত "ভোগ" আৰু "স্কুলত সুৰক্ষিত আৰু পুষ্টিকৰ খাদ্য" বিষয়ক এটি দিনযোৰা কৰ্মশালা অনুষ্ঠিত হয়। অনুষ্ঠানটিৰ আৰম্ভনিতে পুৱা বন্তি প্ৰজ্জ্বলনেৰে কৰ্মশালাৰ শুভাৰম্ভ কৰে নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে। দুটা শাখাত বিভক্ত কৰি পুৱা বেলা বৃহত্তৰ বটদ্ৰৱা অঞ্চলৰ শিক্ষানুষ্ঠানসমূহৰ শিক্ষক শিক্ষয়িত্ৰীসকলক লৈ আৰু বিয়লি ভাগত বটদ্ৰৱা থান আৰু বৃহত্তৰ অঞ্চলটোৰ শতাধিক ভকত, দেউৰী, বিলনীয়াসকলক লৈ এই কৰ্মশালা অনুষ্ঠিত হয়।

বিজ্ঞানসন্মত প্ৰণালীৰে সুষম আৰু পুষ্টিকৰ খাদ্য প্ৰস্তুতকৰণত ল'বলগীয়া সাবধানতাৰ বিষয়ে কৰ্মশালাখনিত বিশ্লেষণ আগবঢ়োৱা হয়। নগাঁও জিলাৰ খাদ্য সুৰক্ষা বিষয়া সঞ্জয় বৰুৱাই আঁত ধৰা কৰ্মশালাখনিৰ সঞ্চালনা কৰে জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডঃ অতুল পাটৰে। কৰ্মশালাখনিত অসম চৰকাৰৰ খাদ্য সুৰক্ষা সঞ্চালক ড০ মুকুল গগৈ, ভাৰত চৰকাৰৰ খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণৰ সহকাৰী সঞ্চালকদ্বয় নম্ৰতা খান্না, সুজাতা সিং, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা, অসম চৰকাৰৰ খাদ্য বিষেশজ্ঞ অনুপম গগৈ, মুখ্য কাৰ্যালয়ৰ বিষয়া এল আৰ নামপুই, সহকাৰী আয়ুক্ত দি বি এছ মুখিম, বিৰিঞ্চি কাজি, নীলকমল কলিতা, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহকাৰী সম্পাদক লক্ষী বৰা, যোগেন শইকীয়াকে প্ৰমুখ্য কৰি কেইবা শতাধিক ৰাইজ উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।