উত্তৰ গুৱাহাটীৰ আৰবান পিএইছচি সংযোগী পথৰ দুৰৱস্থা: নিৰ্মাণৰ এমাহ পিছতেই ভাঙিছে বহু পথ

 06/18/2019 - 20:47

গুৱাহাটী: উত্তৰ গুৱাহাটীত বিধ্বস্ত পথ। আমিনগাঁৱৰ পৰা ফুলুঙলৈ পথছোৱাৰ নিৰ্মাণৰ কাম লেহেমীয়া গতিত আগবঢ়াৰ বাবে পথবোৰৰ অৱস্থা জৰাজীৰ্ণ হৈ পৰিছে। আনহাতে গধুৰ বাহনবোৰ চলাচল কৰাৰ বাবে বিভিন্ন স্থানত পথৰ মাজতে দ গাতৰ সৃষ্টি হৈছে। ফলত বহুলোক দুৰ্ঘটনাত পতিত হৈছে। নিৰ্মাণৰত পথবোৰত পানী নমৰাৰ বাবে অসহনীয় ধূলিময় পৰিবেশত স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ লগতে সাধাৰণ পথচাৰীয়ে আহ যাহ কৰিব লগা হৈছে। যাৰবাবে বহুলোক ৰোগগ্ৰস্ত হৈ পৰিছে। একে অৱস্থা উপপথবোৰৰো। নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পূৰ্বে বহু পথৰ কাম আৰম্ভ বা সম্পূৰ্ণ হৈছিল। ইয়াৰ প্ৰায়বোৰ পথ যধেমধে নিৰ্মাণ কৰাৰ ফলত ব্লকবোৰ এৰাই গৈ বেয়া হ'বলৈ আৰম্ভ হৈছে। মধ্যমখণ্ড গড়মুৰসত্ৰৰ কাষৰে ভিতৰলৈ যোৱা পথটোৰ ব্লকবোৰ এৰি পথটো ভাঙিবলৈ আৰম্ভ হৈছে।

একে অৱস্থা অশ্বক্লান্ত দেৱালয়ৰ ওপৰলৈ যোৱা পথটোৰ। নিৰ্মাণৰ এমাহ নহওঁতেই সম্পূৰ্ণ পথ বহি যোৱা পৰিলক্ষিত হৈছে। ফলত গড়কাপ্তানী মন্ত্ৰীৰ নিজ সমষ্টিতে পথ উন্নয়নৰ নামত চৰকাৰী ধন অপচয় হোৱা বুলি অঞ্চলবাসীয়ে অভিযোগ কৰিছে। মাজগাঁও তেল ডিপো শিলসাঁকো সংযোগী সদাব্যস্ত পথছোৱাত উত্তৰ গুৱাহাটী আৰবান পি এইছ চি (PHC)ৰ সন্মুখত প্ৰকাণ্ড গাত, বাকী পথছোৱাৰ অৱস্থাও শোচনীয়।

এই পথটোৰে ফেকাল্টি স্কুল, উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতন, উত্তৰ গুৱাহাটী নগৰ সমিতিৰ কাৰ্যালয়লৈ দৈনিক শ শ লোকে আহযাহ কৰে। স্হানীয় ৰাইজে নগৰ সমিতিৰ লগতে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অভিযোগ দাখিল কৰাৰ পাছতো কোনো ফল পোৱা নাই। ৰাইজে বিভাগীয় মন্ত্ৰী তথা স্থানীয় বিধায়কগৰাকীৰ ওচৰত পথছোৱাৰ শীঘ্ৰে নিৰ্মাণ কৰি দুয়োকাষে নৰ্দমাৰ ব্যৱস্থা কৰি যাতায়ত সুগম সুচল কৰাৰ বাবে দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।