06/18/2019 - 21:00
in
যোৰহাট: শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই টেট শিক্ষকসকলক লৈ কৰা মন্তব্য আৰু তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবীত মঙলবাৰে যোৰহাট জিলাৰ সহস্ৰাধিক টেট শিক্ষক-শিক্ষয়িত্ৰীয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
সদৌ অসম টেট উৰ্ত্তীৰ্ণ শিক্ষক সমাজৰ আহ্বানমৰ্মে পুৱাৰে পৰা জিলাখনৰ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত সহস্ৰাধিক টেট শিক্ষক-শিক্ষয়িত্ৰীয়ে হাতে হাতে প্লে’কাৰ্ড, বেনাৰ লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।