বিজনীঃ চিৰাং জিলাৰ বিজনীত দিনে দিনে বাঢ়িছে চোৰৰ উপদ্ৰৱ। আজি পুৱা বিজনীৰ ঘোষপাৰা নিৱাসী ৰাহুল ঘোষ নামৰ যুৱক এজনৰ মোবাইল হেণ্ডছেট এটা আৰু নগদ ২৬০ টকা চুৰি কৰি ৰাইজৰ ৰোষত পৰে এটা চোৰ। চিৰাঙৰ বাসুগাঁৱৰ চকবজাৰ ২ নং ৱাৰ্ডৰ সুবল দে’ৰ পুত্ৰ সুমন দে'। চোৰটো পূৰ্বে বিজনীৰ মিস্তিমুখ নামৰ ৰেষ্টুৰেণ্ট এখনৰ কৰ্মচাৰী আছিল।
বুধবাৰে পুৱা ৮ মান বজাত ৰাহুল ঘোষৰ বাসগৃহত চোৰটো প্ৰৱেশ কৰা সময়ত ৰাহুল ঘোষ শৌচাগাৰত আছিল। ঘৰৰ বাৰান্দাত লংপেণ্টৰ খুলি শৌচ কৰিব যোৱাত পেণ্টৰ জেপৰ পৰা মোবাইল হেণ্ডছেট আৰু নগদ ২৬০ টকা চুৰি কৰি চোৰটো মুহূৰ্ততে সেই স্থানৰ পৰা উধাও হয়। পিছত ৰাহুলে তেওঁৰ মোবাইল হেণ্ডছেট আৰু নগদ ২৬০ টকা চুৰি হোৱা বুলি জানিব পাৰি ততাতৈয়াকৈ ঘৰৰ সন্মুখলৈ ওলাই আহে।
যুৱকজনৰ ঘৰৰ সন্মুখৰ পথেৰে চোৰটো সন্দেহজনকভাৱে গৈ থাকোঁতে ৰাহুলে চোৰটোক কৰায়ত্ব কৰে আৰু তেওঁৰ মোবাইল হেণ্ডছেট তথা নগদ ২৬০ টকা চোৰটোৰ জেপৰ পৰা জব্দ কৰে। চুৰিকাণ্ডৰ ঘটনাটো জানিব পাৰি একাংশ স্থানীয় ৰাইজে চোৰটোক উত্তম-মাধ্যম দি পথৰ দাঁতিৰ হৰ্ডিঙৰ ফ্ৰেমত বান্ধি ৰাখে।
উক্ত চুৰিকাণ্ড সন্দৰ্ভত ৰাহুলে বিজনী থানাৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। পিছত আৰক্ষীয়ে উদ্ধাৰকৃত সামগ্ৰীসহ চোৰটোক বিজনী থানালৈ লৈ যায়। ৰাহুল ঘোষে জনোৱা অনুসৰি চোৰটোৱে একাংশ কিশোৰক চুৰি কৰাৰ প্ৰশিক্ষণ দি চুৰিকাণ্ডত লিপ্ত কৰাই আহিছে।