কলিয়াবৰৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কল পৰিদৰ্শন মন্ত্ৰী ৰিহণ দৈমাৰীৰ

 06/19/2019 - 16:15

কলিয়াবৰঃ মঙ্গলবাৰে জনস্বাস্থ্য কাৰিকৰী আৰু সমবায় দপ্তৰৰ মন্ত্ৰী ৰিহণ দৈমাৰী কলিয়াবৰৰ শিলঘাটত উপস্থিত হৈ অসম সমবায় মৰাপাট কল পৰিদৰ্শন কৰে। ৰাজ‍্যত সমবায় ভিত্তিত লাভজনক উদ‍্যোগ বুলি চিহ্নিত অসম সমবায় মৰাপাট কলটোত উপস্থিত হৈ কলটোৰ উৎপাদন প্ৰক্ৰিয়াৰ বুজ লোৱাৰ লগতে সমবায় কলটোৰ অংশীদাৰ, বিষয়-ববীয়া তথা বিষয়া কৰ্মচাৰীৰ প্ৰতিনিধিৰ সৈতে এক আলোচনাত মিলিত হয়।

এই আলোচনা কালত কলটোৰ বিভিন্ন সমস‍্যাৰ লগতে ভৱিষ‍্যতৰ কাৰ্য‍্যপন্থাৰ বিষয়ে গুৰুত্বসহকাৰে আলোচনা কৰে। আলোচনা কালত স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত কলটোৰ যাৱতীয় কাৰ্য‍্যপন্থা, অভাৱ-অভিযোগসমূহ অৱগত কৰে পৰিচালন সঞ্চালক গুণমণি গগৈয়ে। মন্ত্ৰীগৰাকীয়ে বছৰ-বছৰ ধৰি ব‍্যৱহাৰ হৈ থকা যন্ত্ৰসমূহ সলনি কৰি অত‍্যাধুনিক যন্ত্ৰ ব‍্যৱহাৰ কৰি উৎপাদনৰ মাত্ৰা বঢ়োৱাৰ বাবে চৰকাৰে ব‍্যৱস্থা ল'ব বুলি কল পৰিচালনা কৰ্তৃপক্ষক আশ্বাস প্ৰদান কৰে।

লগতে আগন্তুক বাজেট অধিবেশনত কলটোৰ যাৱতীয় কাৰ্য‍্যপন্থা, অভাৱ-অভিযোগসমূহ আলোচনা কৰি কলটোৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ লগতে আধুনিকীকৰণ কৰাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি মৰাপাট কলটোৰ বাবে ধনৰাশি অনুমোদন কৰাৰ ব্যৱস্থা কৰিব বুলি সাংবাদিকৰে হোৱা কথোপকথনত মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।