তীৰ জুৱা, বাল্যবিবাহৰ বিৰূদ্ধে আমছুৰ ৰাজ্যজুৰি প্ৰতিবাদ

 06/19/2019 - 16:15

খাৰুপেটিয়া: তীৰ, জুৱা, বাল্যবিবাহৰ বিৰুদ্ধে ৰাজ্যজুৰি আমছুৰ জোৰ সমদল। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দৰঙ জিলা আমছুৱে তীৰ, জুৱাৰ বিৰূদ্ধে সজাগতামূলক সমদল উলিয়ায়। তীৰ জুৱা, বাল্য বিবাহ, কুসংস্কাৰ, অসামাজিক কাৰ্যকলাপ বন্ধৰ দাবীত গলন্দি আঞ্চলিক আমছু আৰু বালাবাৰী আঞ্চলিক আমছুৰ কৰ্মকৰ্তাসকলে পৃথকে পৃথকে প্ৰতিবাদ সাব্যস্ত কৰে।

দৰঙ জিলা আমছুৰ উপ সভাপতি হজৰ আলী, সহকাৰী সম্পাদক বাহাৰুল ইছলাম বালাবাৰী আঞ্চলিক সমিতিৰ মুখ্য সাংগঠনিক সম্পাদকৰ উপস্থিতিত প্ৰায় ৫ শতাধিক স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে ফকিৰপাৰা চ'কৰ পৰা টাঙনী চাৰিআলিলৈ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত বাল্য বিবাহ বন্ধ কৰক, তীৰ জুৱা বন্ধ কৰক, নাৰী নিৰ্যাতন বন্ধ কৰক আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।