বিধ্বস্ত পথ: নামতিত ধোদৰ আলি অৱৰোধ

 06/19/2019 - 18:45

আমগুৰি: নামতিত ঐতিহাসিক ধোদৰ আলি অৱৰোধ। ঐক্যবদ্ধ সংগ্ৰামী মঞ্চৰ উদ্যোগত অৱৰোধ কাৰ্যসূচী গ্ৰহণ। নামতিৰ পৰা নাজিৰা সংযোগী ঐতিহাসিক ধোদৰ আলি বিধ্বস্ত হৈ উঠাৰ পিছতো গড়কাপ্টানী বিভাগে মেৰামতি নকৰাত অৱৰোধ কৰে ধোদৰ আলিটো। দুঘণ্টা ধৰি অৱৰোধৰ ফলত শ শ যান বাহন আৱদ্ধ হৈ পৰে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা আৰু সাংসদ তপন কুমাৰ গগৈৰ এলেকাভুক্ত পথটো এতিয়া মৰণফান্দত পৰিণত হৈছে।

পথ নহয় যেন বৃহৎ বৃহৎ দ গাঁতৰ সৃষ্টি হৈ পথচাৰীৰ বাবে নৰকসদৃশ হৈ উঠাৰ লগতে দুৰ্ঘটনা সংঘটিত হৈ আহিছে। গুৰুত্ব নাই গড়কাপ্টানী বিভাগৰ। উন্নয়নৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা বিজেপি চৰকাৰৰ শাসনকালত বিধ্বস্ত পথক লৈ সৰৱ হৈ উঠিছে জনসাধাৰণ। শীঘ্ৰে পথছোৱা মেৰামতি কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।