গুৱাহাটীঃ আমিনগাওঁ ৰে'লৱে বজাৰত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত নিমিষতে চাৰখাৰ হ'ল সাতখনকৈ দোকানৰ লগতে দুটাকৈ আবাসগৃহ। নিশা দুই বজাত বজাৰৰ গাতে থকা এটা বৈদ্যুতিক খুঁটাত বিদ্যুতৰ বিজুটি ঘটি এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ অভিযোগ দোকানীৰ। দোকানীসকলৰ অভিযোগ প্ৰায় কুৰিটা সংযোগ থকা বিদ্যুত খুটাত প্ৰায়ে বিজুটি ঘটি ভয়ানক ৰূপ লয়। নিশা বিদ্যুৎ খুটাৰ জুয়ে চন্দা দেৱী নামৰ মহিলাগৰাকীৰ ঘৰত অকস্মাৎ জুই দেখি হুৱাদুৱা লাগিল অঞ্চলটিত। কথমপি ঘৰৰ ভিতৰৰ পৰা লোক সকল ওলাই আহে যদিও ঘৰৰ এপদো সামগ্ৰী বাহিৰলৈ উলিয়াব নোৱাৰাত শোকত ভাগি পৰে।
ইফালে এদিন পূৰ্বে চন্দা দেৱীয়ে কন্যাৰ বিয়াৰ বজাৰ কৰি ৰখাৰ ওপৰিও নগদ চল্লিশ হাজাৰ টকা লগত ৰাখিছিল । গহণাকে ধৰি সকলো জুইত জাহ যোৱাত দুখীয়া পৰিয়ালটিৰ মূৰত সৰগ ভাগি পৰিছে। আশ্ৰয়গৃহ হেৰুৱাই নিশা দুয়োটা পৰিয়ালে নিশাটো গছৰ তলতে অতিবাহিত কৰে। ইফালে বজাৰৰ ভষ্মীভূত দোকানৰ ভিতৰত কুৰি লক্ষ টকাৰ এখন মোবাইল ফোন ইলেক্ট্ৰিক সামগ্ৰীৰ গুডামৰ লগতে কেইবা লক্ষাধিক টকাৰ সামগ্ৰী থকা দোকানো জুইত জাহ যায়। ঘটনাস্থলীত সাতখনকৈ অগ্নি নিৰ্বাপন বাহিনীৰ লোকে তৎপৰতাৰে জুই নুমোৱাত সমগ্ৰ বজাৰ ৰক্ষা পৰে।
ইফালে পুৱাৰ ভাগত উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ বিষয়াসহ এটি দলে ঘটনাস্থলী পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ বুজ লয়। ৰাজহ চক্ৰ বিষয়া প্ৰণৱ দত্ত গোস্বামীয়ে ক্ষতিগ্ৰস্ত দোকানীসকলক পাৰ্যমানে সহায় কৰাৰ আশ্বাস প্ৰদান কৰে। ইফালে শক্তি বিভাগৰ বিৰুদ্ধে বৈদ্যুতিক সেৱাৰ বাবদ উৎকোচ লৈ কাম নকৰাৰ গুৰুতৰ অভিযোগ বজাৰৰ দোকানীসকলৰ। বৈদ্যুতিক খুঁটাৰ সংযোগৰ বিজুতিৰ অভিযোগ আমিন গাওঁ উপসংমণ্ডলে যথা সময়ত বিবেচনা কৰা হ'লে আজি এই পৰিস্থিতি নহ’ল হয় বুলি মন্তব্য কৰে দোকানী সকলে। উপসংমণ্ডল অভিযন্তাৰ বিৰুদ্ধে গোচৰ তৰাৰ হুমকি দিয়ে ক্ষোভিত দোকানীসকলে।