বৰপেটা: আজি এজন যুৱক ব্ৰহ্মপুত্ৰ নদীত ভাহি অহা অৱস্থাত বৰপেটা জিলাৰ চেঙা সমষ্টিৰ চৰৰ কেইজনমান নাৱৰীয়াই উদ্ধাৰ কৰে। কলগছ এডালক আশ্ৰয় কৰি ভাঁহি অহা ৩১ বছৰীয়া যুৱকজনক পিছত নাৱৰীয়া সকলে তাৰাবাৰী থানাৰ আৰক্ষীৰ হাতত তুলি দিয়ে। আৰক্ষীৰ ওচৰত স্বীকাৰোক্তি দিয়া মতে যুৱকজন তামুলপুৰ থানাৰ উধলাবাৰী গাঁৱৰ অক্ষয় স্বৰ্গীয়াৰীৰ পুত্ৰ লক্ষ্মণ স্বৰ্গীয়াৰী।
চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষাৰ পিছত জানিব পৰামতে ব্ৰহ্মপুত্ৰ নদীয়েদি ভাহি অহা এই ৩১ বছৰীয়া যুৱকজনে আচলতে আত্মহত্যাৰ লক্ষ্যৰে শৰাইঘাট দলঙৰ ওপৰৰ পৰা জপিয়াই দিছিল। পিছে সৌভাগ্যক্ৰমে যুৱকজনে প্ৰায় এশ কিলোমিটাৰ দূৰত্ব ব্ৰহ্মপুত্ৰ নদীয়েদি ভাহি আহি আহি বহৰিৰ ওচৰৰ ব্ৰহ্মপুত্ৰত নাৱৰীয়াৰ হাতত জীৱন ৰক্ষা পায়। যুৱকজনৰ বিষয়ে তেওঁৰ পৰিয়ালক খবৰ দিবলৈ ইতিমধ্যে তামুলপুৰ থানাৰ আৰক্ষীক জনোৱা হৈছে বুলি তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষ দাসে জানিবলৈ দিছে। বৰ্তমান যুৱকজনক তাৰাবাৰী থানাতে ৰখা হৈছে।