06/20/2019 - 20:21
in
মাণিকপুৰঃ বহু কেইটা দাবীৰ ওপৰত ভিত্তি কৰি বঙাইগাঁও জিলাৰ কোকিলাৰ নাম্বাৰপাৰাত আমছুৰ উদ্যোগত এক সজাগতামূলক সমদল উলিওৱা হয়। সামাজিক কু-সংস্কাৰ, বাল্য বিবাহ, বহু বিবাহ, মদ-জুৱা বন্ধৰ দাবী, নাৰী নিৰ্যাতন বন্ধ কৰা, প্ৰতি ঘৰে ঘৰে শিক্ষাৰ ব্যৱস্থা কৰা উদ্দেশ্যে এই সমদল উলিয়াই আমছুৱে।
ৰাইজৰ মাজত সজাগতাৰ সৃষ্টিৰে অপৰাধমূলক কাৰ্যসমূহ বন্ধ কৰিবলৈ আমছুয়ে আহ্বান জনাইছে। উক্ত সমদলত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ হাফিজ ৰকিবুল ইছলাম, জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰফিক আলম, আঞ্চলিক সমিতিৰ কৰ্মকৰ্তা সকলৰ লগতে প্ৰায় সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী।
সংখ্যালঘু সম্প্ৰদায়ৰ মানুহৰ মাজত চলি থকা অপৰাধ প্ৰৱণতা, সামাজিক কু-সংস্কাৰ আদি বন্ধ কৰিবলৈ আমছুৰ আহ্বানক ৰাইজে কিমান সঁহাৰি দিয়ে সময়ত লক্ষ্যণীয় হ’ব।