কামৰূপঃ সাপে খুটিলে আপুনি প্ৰথমে কি কৰিব। কেনেকৈ তৈয়াৰ কৰা হয় সাপৰ বিষৰ প্ৰতিষেধক! ভাৰতত কিমান প্ৰজাতিৰ সাপ আছে! তাৰে কিমান সাপ বিষাক্ত হিচাপে চিনাক্ত কৰা হৈছে! শেহতীয়া কৈ এনে বহু অজানা কথা পোহৰলৈ আহিছে শুৱালকুছিৰ এজন যুৱকৰ গৱেষণাত। বস্ত্ৰনগৰী শুৱালকুছি কুমাৰপাৰাৰ এই যুৱকজনৰ নাম ড৹ ভাৰ্গব কলিতা। তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা শেহতীয়াকৈ সাপৰ বিষৰ ওপৰত কৰা গৱেষণাত পোহৰলৈ আহিছে বহু অজানা কথা।
ভাৰতবৰ্ষত আছে ৩০০টা প্ৰজাতিৰ সাপ। তাৰে ৬০টা প্ৰজাতি বিষাক্ত আৰু শেষত ৪টা প্ৰজাতি অতি বিষাক্ত হিচাপে চিনাক্ত কৰিছে স্বাস্থ্য বিজ্ঞানে। ইয়াৰে COBRA আৰু KRAIT দুই প্ৰজাতিৰ অতি বিষাক্ত সাপ আছে অসমত। এই দুই প্ৰজাতিৰ সাপে দংশন কৰিলে আপুনি ১ঘণ্টাৰ ভিতৰত সাপৰ বিষ প্ৰতিৰোধক নল’লে মৃত্যু নিশ্চিত। কিন্তু কেনেকৈ প্ৰস্তুত কৰা হয় সাপৰ বিষ প্ৰতিৰোধক ঔষধ? ভাৰবৰ্ষৰ তিনি ঠাইত আছে এই সাপৰ বিষ প্ৰতিষেধক ঔষধ।
মুম্বাই,কলকাতা,আৰু দক্ষিণ ভাৰতত। অতি বিষাক্ত হিচাপে চিহ্নিত Russell's viper, saw-scaled viper, common krait, cobra এই চাৰি প্ৰজাতিৰ সাপৰ বিষ সংগ্ৰহ কৰি ঘোঁৰাৰ দেহত ইনজেক্ট কৰি সেই ঘোঁৰাৰ তেজৰ বিশেষ দ্ৰব্য তিনিমাহ পিছত ব্যৱহাৰ কৰা হয় সাপৰ বিষ প্ৰতিষেধক হিচাপে।
বিশেষকৈ গ্রাম্যঞ্চলত দেখা যায়- সৰ্প দংশনৰ পিছতে বহুতেই বেজৰ সহায় লয় কিন্তু এনে বেজৰ সহায়ে বচাব নোৱাৰে লোকক। ড৹ ভাৰ্গব কলিতাৰ মতে গ্রাম্যঞ্চলৰ চিকিৎসালয় সমূহত সাপৰ বিষ প্ৰতিষেধক ৰখাৰ প্ৰয়োজনীয়তা আহি পৰিছে কাৰণ বিশেষকৈ গ্রাম্যঞ্চলত হে সংঘটিত হয় এনেবোৰ ঘটনা। গাঁৱৰ চহৰৰ চিকিৎসালয় পোৱালৈ সমগ্ৰ শৰীৰত সাপৰ বিষ সঞ্চালন হৈ চিকিৎসালয় পোৱাৰ পূৰ্বে মৃত্যু হয়।