ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল জলপৰী

 06/21/2019 - 16:18

গুৱাহাটীঃ ভটভটীৰ পাছত পুনৰ জাহাজ দুৰ্ঘটনাৰ দিশে। জাইকাৰ দলঙৰ মুখামুখি নিয়ন্ত্ৰণহীন জলপৰীৰ ফেৰী। গুৱাহাটীৰ পৰা চাৰি পৰ্যটক কঢ়িয়াই অনা জলপৰীৰ ইঞ্জিন বিকল। উটি গ’ল লুইতত। মধ্যমখণ্ড পাৰঘাটৰ পৰা প্ৰবল সোঁতে নিমিষতে উটুৱাই নিলে জলপৰী নামৰ অৱসৰ বিনোদন ফেৰী। জাহাজত থকা চাৰি পৰ্যটকৰ সহায়ৰ বাবে আৰ্তনাদ,কিন্তু কোনেও নুুশুনিলে অসহায় যাত্ৰীৰ কথা।

বিকল জাহাজ উটি গৈ মুখামুখি হ'ল প্ৰাণঘাটক জাইকা দলঙৰ সমুখত। কিন্তু চালকে গতি সলনি কৰি লুইতৰ বুকুলৈ এৰি দিলে জাহাজখন। ইতিমধ্যে কঁহুৱা নামৰ এখন সৰু জাহাজ আগবাঢ়ি গল উদ্ধাৰৰ বাবে । উদ্ধাৰৰ বাবে নামি পৰিল নদী আৰক্ষী। কিন্তু সকলো অসাৰ। প্ৰবল সোঁতে জলপৰী জাহাজখন টানি নিলে কামাখ্যাৰ তললৈ।

কামাখ্যাৰ নামনিৰ পৰা নদী আৰক্ষীয়ে উদ্ধাৰ কৰি জাহাজ অগ্ৰসৰ হ'ল ভূতনাথৰ দিশে ।কিন্তু ঘন্টাৰ পাছত ঘন্টা দুৰ্গতক সহায়ৰ বাবে আগবাঢ়ি নাহিল দুৰ্যোগ ব্যবস্থাপনা বিভাগৰ লোক। উল্লেখ্য যে বিগত বৰ্ষৰ পাঁচ চেপ্তেম্বৰত ভটভটীৰ ইঞ্জিন বিকলহৈ জাইকা দলঙত দুৰ্ঘটনাগ্ৰস্ত হোৱাত প্ৰাণহানিৰ লগতে নিখোজ হৈ ৰ'ল কেইবাজনো। তথাপি গাত হুঁচ নাই জলপৰিবহণ তথা দুৰ্যোগ ব্যবস্থাপনা বিভাগৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।