আমিনগাঁৱত ওপঙা কামাখ্যা

 06/21/2019 - 19:30

কামৰূপঃ আমিনগাঁৱত ওপঙা কামাখ্যা। নীলাচলত নহয় আমিনগাঁৱৰ শৰাইঘাট সৰোবৰত মা কামাখ্যা ধাম। অম্বুবাচী মেলা উপলক্ষে শৰাইঘাট সৰোবৰত শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে হুবহু কামাখ্যা ধাম।

শিল্পী অৰূপজ্যোতি বৰকটকীয়ে সাজি উলিয়াইছে ওপঙা কামাখ্যা মন্দিৰটো। অমিনগাঁৱৰ শৰাইঘাট হ্ৰদত আঠ দিন ধৰি দিনে নিশাই শিল্পীৰ দলটোৱে নিৰ্মাণ কৰিছে কামাখ্যাধামখনি।

কাঠ-বাঁহ থাৰ্মকলেৰে নিৰ্মাণ কৰা মন্দিৰটোৰ উচ্চতা ১৫ফুট,দীঘলে ৪০ ফুট। মন্দিৰটো দৰ্শকৰ বাবে মুকলি কৰিব ২২ জুনত। পানীৰ ওপৰত ওপঙা কামাখ্যা মন্দিৰটোৱে অম্বুবাচী মেলাত পৰ্যটকক বিশেষ ভাৱে আকৰ্ষিত কৰিব বুলি আশা ব্যক্ত কৰে শিল্পীগৰাকীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।