দলগাঁও: দলগাঁৱত সহস্ৰাধিক শিক্ষাৰ্থী উচ্চ শিক্ষাৰ পৰা বঞ্চিত হোৱাৰ আশংকাত ভুগিছে। বৃহত্তৰ অঞ্চলটোৰ ভিতৰত একমাত্ৰ খাৰুপেটীয়া কলেজত চাৰিশ ছাত্ৰ-ছাত্ৰীৰ নাম ভৰ্ত্তিৰ সুবিধা আছে যদিও অতিৰিক্তভাবে আৰু চাৰিশ ছাত্ৰ-ছাত্ৰীক নামভৰ্ত্তি কৰি মুঠ আঠশ শিক্ষাৰ্থীক নামভৰ্ত্তিৰ ব্যৱস্থা কৰিছে কলেজ কৰ্তৃপক্ষই। মন কৰিবলগীয়া কথাটো হ'ল যে এইবেলি এতিয়ালৈ স্নাতক প্ৰথম ষাণ্মাসিকত নামভৰ্ত্তিৰ বাবে প্ৰায় পোন্ধৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে আবেদন জনাইছে যদিও আন্ত:গাঁথনি আৰু পৰ্যাপ্ত শিক্ষকৰ অভাবত মেৰিট অনুযায়ী মাত্ৰ আঠশ শিক্ষাৰ্থীৰ নাম তালিকাত প্ৰকাশ কৰাত ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ মাজত তীব্ৰ অসন্তোষ্টি দেখা দিছে।
মহাবিদ্যালয়ৰ ছাত্ৰ গোট, আমছু, মুছলিম ছাত্ৰ সন্থা, এন এছ ইউ আই, ইত্তেহাদ ফ্ৰণ্টকে আদি কৰি স্থানীয় সংগঠনসমূহে আজি সমূহীয়া সংবাদমেল আয়োজন কৰি ষড়যন্ত্ৰমূলকভাবে কলেজ কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীক নামভৰ্ত্তিৰ পৰা বিৰত কৰি উচ্চ শিক্ষাৰ পৰা বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে। ইফালে খাৰুপেটীয়া কলেজৰ অধ্যক্ষ ড৹ বুদ্ধিন চন্দ্ৰ হাজৰিকাই সংগঠনসমূহৰ অভিযোগ নাকচ কৰি কলেজত আন্তগাঁথনি আৰু শিক্ষকৰ অভাৱ থকাৰ কথা সাংবাদিকৰ আগত প্ৰকাশ কৰে। খাৰুপেটীয়া কলেজত মাত্ৰ ২৮ জন শিক্ষক শিক্ষয়িত্ৰী থকাৰ বিপৰীতে তিনিটাকৈ শিক্ষকৰ পোষ্ট খালি হৈ থকাত পাঠদান ব্যাহত হোৱাৰ কথা অৱগত কৰে। উল্লেখ্য যে চৰকাৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ে অধিক ছাত্ৰ-ছাত্ৰীক নামভৰ্ত্তিৰ সুবিধা দিলে কলেজৰ কোনো আপত্তি নাই বুলি জানিবলৈ দিলেও আশ্বস্ত হোৱা নাই স্থানীয় সংগঠনসমূহ।
কলেজ কৰ্তৃপক্ষই স্থানীয় লোকৰ দাবীৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰি অতিৰিক্ত নামভৰ্ত্তিৰ অনুমতি বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে যদিও কাইলৈ কলেজৰ ছাত্ৰ গোটৰ আহবানত স্থানীয় সংগঠনসমূহে কলেজৰ তলাবন্ধ কাৰ্যসূচী ঘোষণা কৰে। প্ৰশ্ন উঠিছে দলগাঁৱৰ দীনদয়াল আদৰ্শ বিজ্ঞান কলেজৰ বাদে আন কোনো উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নথকা বিষয়টো স্থানীয় জনপ্ৰতিনিধি আৰু সংগঠনসমূহে চৰকাৰৰ ওচৰত সজোৰে দাবী উত্থাপন কৰা নাই কিয়? মঙ্গলদৈ সমষ্টিৰ অন্তৰ্গত খাৰুপেটীয়া কলেজে অভিলেখ সংখ্যক ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক অভাৱ পূৰণ কৰিবলৈ সমৰ্থ হবনে? যোৱা বছৰৰ দৰে এইবাৰো উচ্চ শিক্ষাৰ পৰা বঞ্চিত হ'ব নেকি ছাত্ৰ ছাত্ৰী সকল? সংখ্যালঘু বসতিপ্ৰধান দলগাঁৱৰ উচ্চ শিক্ষাৰ প্ৰতি চৰকাৰৰ অৱহেলাৰ ফল ভূগিব লগা হৈছে নেকি শিক্ষাৰ্থীসকলে?