বাক্সাৰ ভাৰত-ভূটান সীমান্তত আমছুৰ সজাগতামূলক সমদল

 06/21/2019 - 21:41

ভেৰগাঁও: বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ দেউচুঙাত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ পূব ডেফেলী আঞ্চলিক সমিতিয়ে শুকুৰবাৰে সমাজত চলি থকা বাল্য বিব‍াহ, শিশু শ্ৰমিক, নাৰী নিৰ্যাতন, মদ-জুৱা আদি বন্ধ কৰাৰ বাবে এক সজাগতামূলক সমদল অনুষ্ঠিত কৰে৷ সমদলটোত কেইবাগৰাকী ছাত্ৰ নেতাই অংশগ্ৰহণ কৰাৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও অংশগ্ৰহণ কৰে৷

সমদলত অংশগ্ৰহণ কৰাসকলে হাতে হাতে প্লেকাৰ্ড লৈ সমাজৰ পৰা কুসংস্কাৰ, অন্ধ বিশ্বাস দূৰীকৰক, প্ৰতি ঘৰত শিক্ষাৰ পোহৰ সুনিশ্চিত কৰক, বাল্যবিব‍াহ বন্ধ কৰক, মদ-জুৱা বন্ধ কৰক আদি বিভিন্ন শ্ল'গানেৰে আকাশ বতাহ কপাই তোলে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।