বৈদ্যুতিক খুঁটা মেৰামতি কৰি থাকোতেই বিদ্যুৎস্পৃষ্ট যুৱক

 06/22/2019 - 11:55

আমগুৰি: নামতি বৈদ্যুতিক উপকেন্দ্ৰত অঘটন। বিদ্যুৎ সংযোগ মেৰামতি কৰি থাকোতে বিদ্যুৎস্পৃষ্ট এজন যুৱক। যুৱকজনৰ নাম দিগন্ত বৰা। নামতি বৈদ্যুতিক উপকেন্দ্ৰৰ অস্থায়ী কৰ্মচাৰী আছিল দিগন্ত বৰা। নামতি ষ্টেছনৰ সমীপত নামতি আলিৰ কাষত বৈদ্যুতিক খুঁটাত উঠি মেৰামতি কৰি থাকোতেই বিদ্যুৎ সংযোগ দিয়াত বিদ্যুৎস্পৃষ্ট হয় দিগন্ত বৰা নামৰ অস্থায়ী কৰ্মচাৰীজন। বিদ্যুৎস্পৃষ্ট যুৱকজন ১২ ফুট উচ্চতাৰ বৈদ্যুতিক খুটাৰপৰা ওফৰি পকীপথত পৰে। ফলত মগজুৰ পিছ অংশ ফাটি যায়।

বিদ্যুৎস্পৃষ্ট যুৱকজনক ততাতৈয়াকৈ শিৱসাগৰৰ প্ৰগতি নাৰ্চিংহোমত সংকটজনক অৱস্থাত কৰোৱা হয়। নামতি বৈদ্যুতিক উপকেন্দ্ৰৰ কৰ্মচাৰীৰ ভুলৰ বাবেই বিদ্যুৎস্পৃষ্ট হোৱাৰ অভিযোগ আনে স্থানীয় লোকে। ঘটনাৰ পিছতে উত্তেজিত লোকে নামতি বৈদ্যুতিক উপকেন্দ্ৰত হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰে। ঘটনাৰ উচিত তদন্তৰ দাবী জনায় উত্তেজিত লোকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।