গুৱাহাটী: আজি নিশা অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। শক্তিপীঠ কামাখ্যা ধামত দেৱীৰ আশীষ প্ৰাপ্তিৰ হকে আৰু অম্বুবাচী মেলাত ভাগ ল'বলৈ ভাৰতবৰ্ষৰ সাধু সন্ত সমাজৰ লগতে বিশ্বৰ অগণন ভক্তই ইতিমধ্যে ভিৰ কৰিছেহি। এইবাৰ অম্বুবাচীৰ প্ৰবৃত্তি আজি নিশা ১ বাজি ৩২ মিনিট ২৬ ছেকেণ্ডৰ পৰা হ'ব। ২৬ জুন বুধবাৰে দিনৰ ১বাজি ৫৭ মিনিট ২ ছেকেণ্ডত অম্বুবাচীৰ নিবৃত্তি হ'ব। উত্তৰ গুৱাহাটীটো অম্বুবাচী উপলক্ষে পূৰাণ প্ৰসিদ্ধ দীৰ্ঘেশ্বৰী দেৱালয়, অশ্বক্লান্ত দেৱালয়, মনিকৰ্ণেশ্বৰ দেৱালয় আৰু প্ৰসিদ্ধ দৌলগোবিন্দ মন্দিৰৰ দ্বাৰ অম্বুবাচী উপলক্ষে প্ৰবৃত্তিৰ পৰা বন্ধ থাকিব।
নিবৃত্তিৰ পিছতহে দৰ্শনাৰ্থীৰ বাবে মঠ মন্দিৰৰ দ্বাৰ মুকলি কৰা হ'ব। মন্দিৰসমূহৰ দ্বাৰ বন্ধ থকাৰ লগতে সৰহসংখ্যক হিন্দু ধৰ্মাৱলম্বী লোকে প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈ ব্ৰত পালন কৰে। এই সময়ছোৱাত জুইৰ ব্যৱহাৰ নহয় ফলমূল গ্ৰহণ কৰাৰ লগতে তিওৱা কোমল চাউল, চাগু খায়।
আজি আমিনগাঁও উত্তৰ গুৱাহাটীৰ বজাৰবোৰত ফলমূল আম, জাম, পনিয়ল, কঠাল আদি উভৈনদী হৈ পৰিছে। ক্ৰেতাসকলে পূৱাৰে পৰা উৎসাহেৰে ক্ৰয় কৰিবলৈ বজাৰত ভিৰ কৰা দেখা গৈছে।