বৰপেটাৰ ভক্তৰডবাত সৰ্থেবাৰী আৰক্ষীৰ সজাগতা সভা

 06/22/2019 - 18:25

বৰপেটা: বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ভক্তৰডবাৰ হৰেন্দ্ৰ চিত্ৰা কনিষ্ঠ মহাবিদ্যালয়ত নিচাযুক্ত দ্ৰব্য সেবন সম্পৰ্কে সৰ্থেবাৰী আৰক্ষীয়ে এক সজাগতা সভা অনুষ্ঠিত কৰে। হৰেন্দ্ৰ চিত্ৰা কনিষ্ঠ মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হোৱা সজাগতা সভাত সভাপতিত্ব কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ছৈয়দ তবিবৰ ৰহমানে। উক্ত সজাগতা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অঞ্জন বড়ো। আৰক্ষী বিষয়া অঞ্জন বড়োই নিচাযুক্ত দ্ৰব্য সেবনৰ ভয়াবহতাৰ বিষয়ে উল্লেখ কৰি কয় যে নিচাযুক্ত দ্ৰব্যৰ প্ৰতি যুৱ সমাজ সম্প্ৰতি বেয়াকৈ আসক্ত হৈ পৰিছে।

এইক্ষেত্ৰত আমি সকলোৱে সজাগ হ'ব লাগিব। নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অঞ্জন বড়োই। সজাগতা সভাত প্ৰধান শিক্ষক আব্দুল গফুৰ শিকদাৰৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।