যোগীঘোপাৰ চটপাৰাত গৰাখহনীয়াই ধৰিছে কালৰূপ

 06/23/2019 - 14:32

যোগীঘোপাঃ যোগীঘোপাৰ চটপাৰাত ব্যাপক গৰাখহনীয়া। দৈনিক ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি আৰু হ্ৰাস হৈ থকাৰ ফলত খহনীয়াই কালৰূপ ধাৰণ কৰিছে। আতংকিত কৰি তুলিছে যোগীঘোপাৰ চটপাৰাবাসীক। গৰাখহনীয়াৰ কবলত যোগীঘোপা-চটপাৰা গড়কাপ্তনি পথ। অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ বিধায়ক অনন্ত কুমাৰ মালোৰ বাসভৱনৰ পৰা ৫ কিলোমিটাৰ দূৰত্বত এই গৰাখহনীয়া।

বিধায়ক অনন্ত কুমাৰ মালোৰ আহৰি নাই গৰাখহনীয়া অঞ্চল পৰিভ্ৰমণ কৰিবলৈ। বঙাইগাঁও জিলাৰ অভয়াপুৰী দক্ষিণ বিধান সমষ্টিৰ অন্তৰ্গত যোগীঘোপাৰ চটপাৰাত আৰম্ভ হৈছে ব্যাপক গৰাখহনীয়া। দৈনিক ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি আৰু হ্ৰাস হৈ থকাৰ ফলত খহনীয়াই কালৰূপ ধাৰণ কৰিছে। ইতিমধ্যে গৃহহীন হৈছে শতাধিক পৰিয়াল। চকুৰ সন্মুখতে সপোনৰ ঘৰখন ব্ৰহ্মপুত্ৰ নৈৰ বুকুত জাহ যোৱা দৃশ্য প্ৰত্যক্ষ কৰা দুৰ্ভগীয়া পৰিয়াল সমূহৰ বিননি শুনিবলৈ চৰকাৰখনৰ যেন সময়েই নাই।

উৎসৱ-পাৰ্বণত ব্যস্ত থকা চৰকাৰখনৰ জলসম্পদ বিভাগৰ নাই কোনো গুৰুত্ব। দৈনিক ১০ ৰ পৰা ১৫- ২০ মিটাৰ পৰ্যন্ত ভূমি ব্ৰহ্মপুত্ৰ নৈত জাহ যোৱাত অঞ্চলবাসীয়ে ঘৰবাৰী এৰি নিৰাপদ স্থানত আশ্ৰয় ল’ব লগা হৈছে। কৃষি ভূমিৰ ফচল চকুৰ সন্মুখতে জাহ গৈছে নৈৰ বুকুত। এনেকৈ ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত থাকিলে অচিৰেই অসমৰ মানচিত্ৰৰ পৰা ঐতিহাসিক চটপাৰা গাঁও নিচিহ্ন হৈ যাব তাত কোনো সন্দেহ নাই। কিন্তু তাৰ পাছতো ৰাইজৰ দুখ-দুৰ্দশাৰ বুজ ল’বলৈ আহৰি নাই ৰজাঘৰীয়াৰ৷ যাৰ ফলত ভূক্তভুগী ৰাইজ ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।