ধুবুৰী জিলা বন সংমণ্ডল কাৰ্য্যালয়ৰ একাংশ বিষয়ববীয়াৰ নেতৃত্বত চলিছে অবৈধ মাটি সৰবৰাহ

 06/23/2019 - 19:41

গৌৰীপুৰঃ গৌৰীপুৰত অবৈধভাবে মাটি সৰবৰাহৰ অভিযোগ৷ ধুবুৰী জিলা বন সংমণ্ডল কাৰ্য্যালয়ৰ একাংশ বিষয়ববীয়াৰ নেতৃত্বত জিলাখনৰ ধুবুৰী গৌৰীপুৰ আদি চহৰত ভুৱা পাৰমিটেৰে মাটিৰ ব্যৱসায় চলোৱাৰ অভিযোগ উঠিছে৷ ধুবুৰী বন সংমণ্ডল কাৰ্য্যালয়ৰ একাংশ বিষয়ববীয়াৰ ছত্ৰছায়াত একাংশ ব্যৱসায়ীয়ে ভুৱা চালানেৰে মাটি সৰবৰাহ কৰাৰ অভিযোগ উঠিছে৷

অভিযোগ মতে বিগত প্ৰায় দুমাহ ধৰি কাশেম আলীৰ নামত পাৰমিট দেখুৱাই পৃথক পৃথকভাবে চালান কাটি অবৈধ চালানেৰে চহৰত মাটি যোগান ধৰা হৈছে৷ এটা চালানত যদি কাদেৰ আলীৰ নাম পিছে আন এটা চালানত জাকিৰ আলীৰ নাম দেখা গৈছে৷

উল্লেখ্য যে মান্নান আলী নামৰ ব্যক্তি এজনে এনে ভয়ানক দুৰ্নীতিৰ বিৰুদ্ধে জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ জড়িয়তে তথ্য বিচাৰিছিল যদিও ধুবুৰী বনসংমণ্ডলৰ কাৰ্য্যালয়ে তথ্য প্ৰদানৰ পৰা বিৰত থাকি কাশেম আলী নামৰ ব্যক্তি এজনৰ দ্বাৰা অবৈধভাৱে ভুৱা চালানৰ ব্যৱসায় চলোৱাৰ গুৰুতৰ অভিযোগ তুলিছে ৰাইজে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।