বিজনীৰ নোৱাপাৰাত ৰাইজে মেৰামতি কৰিলে গড়কাপ্টানি পথ

 06/23/2019 - 21:03

বিজনীঃ বিজনী মহকুমাৰ অন্তৰ্গত সুবাইঝাৰ-বিজনী গড়কাপ্টানি পথৰ আজিলৈ পকীকৰণ নহ'ল। নোৱাপাৰা গাঁৱৰ মাজেৰে যোৱা উক্ত পথটোৰ প্ৰায় ডেৰ কি.মি. বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে ৰাইজক। বিজনীৰ কয়লা-ময়লা, আমগুৰি, আমটেকা, মংগোলিয়ান, নোৱাপাৰাকে ধৰি ৫০ খনতকৈও অধিক গাঁৱৰ ৰাইজে যমৰ-যাতনা ভুগি নিতৌ এই পথছোৱাৰে অহা-যোৱা কৰে।

বছৰ বছৰ ধৰি বাৰিষা আহিলেই নোৱাপাৰাৰ স্থানীয় ৰাইজে শ্ৰমদানেৰে বৃহৎ বৃহৎ গাঁতৰ এই পথছোৱা মেৰামতি কৰি আহিছে। দেওবাৰেও স্থানীয় গঞা ৰাইজে শ্ৰমদানেৰে পথছোৱা মেৰামতি কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।