তুষাৰ শৰ্মা: অসমৰ প্ৰাচীনতম শিল্পকলা পুতলা নাচক জীয়াই ৰখাৰ আপ্ৰাণ চেষ্টা নগাঁৱৰ ভালুকমাৰীৰ এজন যুৱকৰ৷ আঙু্ৰলতাৰ সমষ্টি বটদ্ৰৱাৰ ভালুকমাৰী গাঁৱৰ এই উদ্যমী যুৱকজন হৈছে বুল বৰদলৈ৷ ১৯৯০ চনত যুৱকজনৰ পিতৃ প্ৰয়াত প্ৰেমেশ্বৰ বৰদলৈয়ে ভালুকমাৰীত আৰম্ভ কৰা 'পঞ্চৰত্ন পুতলা থিয়েটাৰ'ক হাজাৰ প্ৰতিবন্ধকতাৰ মাজতো জীয়াই ৰাখিছে শিল্পীসুলভ মনৰ অধিকাৰী বুল বৰদলৈয়ে। ২০০৫ চনত পিতৃ প্ৰেমেশ্বৰ বৰদলৈৰ বিয়োগৰ পাছতো 'পঞ্চৰত্ন পুতলা থিয়েটাৰ'ক হেৰাই যাবলৈ দিয়া নাই যুৱকজনে।
চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা কোনো সাহায্য নোপোৱাকৈয়ে আৰ্থিক দৈন্যতাৰ মাজতো অসমৰ প্ৰাচীন কলা-সংস্কৃতিৰ অন্যতম পুতলা নাচক জীয়াই ৰখাৰ স্বাৰ্থত বুল বৰদলৈয়ে চলাই গৈছে নিৰলস প্ৰচেষ্টা। প্ৰায় ২০/২২ জনীয়া সহকৰ্মী তথা শিল্পীৰ এটা দল লৈ অসমৰ ভিন্ন প্ৰান্তত ঘূৰি নাট প্ৰদৰ্শন কৰি দৰ্শকৰ সমাদৰ লাভ কৰাৰ সমান্তৰালভাৱে দলটোৰ সহকৰ্মীসকলক আত্মনিৰ্ভৰশীল হ’বলৈ শিকোৱাৰ স্বাৰ্থত বুল বৰদলৈয়ে প্ৰয়োজনত থিয়েটাৰৰ পেণ্ডেল, মঞ্চ আদিকে ধৰি সকলো কামতে আন শ্ৰমিকসকলৰ সমানে ব্যস্ত হৈ পৰে৷ পুতলা থিয়েটাৰখনক বৰ্তমান যুগৰ সৈতে ফেৰ মাৰিব পৰাকৈ উন্নত কৰাৰ স্বাৰ্থত বৰদলৈয়ে অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ লগত কেইবাবাৰো যোগাযোগ কৰিছে।
কাষ চাপিছে বিধায়িকা আঙুৰলতাৰো। পিছে বিধায়িকা আঙুৰলতা অথবা চৰকাৰৰ পৰা লাভ কৰা নাই কোনোধৰণৰ সঁহাৰি। অসমৰ প্ৰাচীনতম শিল্পকলা পুতলা নাচক জীয়াই ৰখাৰ আপ্ৰাণ চেষ্টাত ব্ৰতী উদ্যমী যুৱকজনৰ ওপৰত দৃষ্টি পৰিবনে শিল্পী তথা বিধায়িকা আঙুৰলতাৰ?