হাইজেক কৰা ট্ৰাক লখিমপুৰত উদ্ধাৰ

 06/24/2019 - 11:50

লখিমপুৰ: কলকাতাৰ পৰা ৰ'ড ভৰ্তি এখন ট্ৰাক গহপুৰলৈ আহি থকা অৱস্থাত ৰাজপথত চালকক চকু-মুখ, হাত-ভৰি বান্ধি দুৰ্বৃত্তই হাইজেক কৰে ট্ৰাকখন৷ কলকাতাৰ গৌৰখপুৰৰ ৰেশমী ফেক্টৰীৰ পৰা ফৰলেনযুক্ত পথৰ নিৰ্মাণৰ বাবে ৩০ টন ৰ'ড লৈ ১৮ জুনত ৰাওনা হৈছিল ট্ৰাকখন৷ দুৰ্বৃত্তই ট্ৰাকখনৰ ড্ৰাইভাৰক হাত-ভৰি বান্ধি পেলাই দি ৰ'ড ভৰ্তি ট্ৰাকখন লৈ উধাও হয়৷ শ্ৰীৰামপুৰ সীমান্তৰ পৰা চালকজনে ট্ৰাকৰ মালিকলৈ ফোন কৰি গাড়ী হাইজেক হোৱাৰ কথা জনায়৷ অৱশেষত দেওবাৰে নিশা পৰিত্যক্ত অৱস্থাত ট্ৰাকখন উদ্ধাৰ হয় লখিমপুৰৰ লালুকৰ ইছলামপুৰৰ লালুক-বিহপুৰীয়া সংযোগী পথত৷

দুৰ্বৃত্তই ট্ৰাকখনৰ ৰ'ড বিক্ৰী কৰি খালি ট্ৰাকখন লালুকৰ ৰাজপথৰ কাষত এৰি থৈ উধাও হয়৷ গহপুৰ আৰক্ষীয়ে লালুক আৰক্ষীৰ সহযোগত ট্ৰাকখন উদ্ধাৰ কৰি চালকজনক সোধাপোচা অব্যাহত ৰাখিছে৷ ৰাজপথৰ পৰা ট্ৰাক হাইজেক কৰা দুৰ্বৃত্তৰ সন্ধানত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।