বিলাসীপাৰাঃ চৰকাৰৰ সংবিধান বিৰোধী কৰ্মকাণ্ডৰ বাবে ওলাই আহিল অসমৰ অসংখ্য সচেতন যুৱক-যুৱতী। ধুবুৰী জিলাৰ হাতীপোতাৰ পৰা ইতিমধ্যে সংবিধান যাত্ৰা শীৰ্ষক চাইকেল ৰেলীৰ শুভাৰম্ভ কৰা হৈছে৷ সংবিধান যাত্রাৰ শুভাৰম্ভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন মূৰব্বী অধ্যাপক ডঃ মনিৰুল হুছেইনে। শুভাৰম্ভনি অনুষ্ঠানত উপস্থিত থাকে অসম চৰ চাপৰি পৰিষদৰ সভাপতি ডঃ হাফিজ আহমেদ।
দেশৰ সংবিধানে নাগৰিকক অৰ্পণ কৰা বিভিন্ন অধিকাৰ, দায়িত্ব আৰু অসমত চৰকাৰে অসংখ্য নাগৰিকৰ অধিকাৰৰ নামত বিভিন্ন ধৰণে কৰা হাৰাশাস্তিকলৈ জনগণক সজাগ কৰাৰ বাবে বাহিৰ কৰা হৈছে এই সংবিধান যাত্ৰা শীৰ্ষক চাইকেল ৰেলী। এই যাত্ৰাত অসমৰ বিভিন্ন প্ৰান্তৰ ১০০০ জন যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিব।
কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আমছুকে ধৰি কেইবাটাও দল সংগঠনৰ সদস্যই এই যাত্ৰাত সহায়-সহযোগ আগবঢ়োৱা দেখা গৈছে। উল্লেখ্য যে প্ৰায় ১০ দিনীয়া এই যাত্ৰা ধুবুৰী, বঙাইগাওঁ, গোৱালপাৰা, বৰপেটা হৈ বাক্সা জিলাত অহা ৩ জুলাইত সামৰণি পৰিব। উল্লেখযোগ্য যে এই যাত্ৰাৰ অন্তিম ভাগত অংশগ্ৰহণ কৰিব আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন লেখক, ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগৰ প্ৰাক্তন সদস্য তথা অৱসৰপ্ৰাপ্ত ভাৰতীয় অসামৰিক সেৱা বিষয়া মাননীয় ড° হৰ্ষ মান্দাৰে।