ৰঙিয়া ৰে'লৱে মাণ্ডলিক প্ৰবন্ধকৰ কাৰ্যালয়ৰ সন্মুখত চাপ্লাই এচ'চিয়েচনৰ কৰ্মীৰ প্ৰতিবাদ

 06/24/2019 - 14:37

ৰঙিয়া: ৰঙিয়া ৰে'লৱে মাণ্ডলিক প্ৰবন্ধকৰ কাৰ্যালয়ৰ সন্মুখত চাপ্লাই এচ'চিয়েচনৰ কৰ্মীসকলে আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। ডি আৰ এম, এ ডি আৰ এমৰ পুত্তলিকা দাহ কৰে কৰ্মীসকলে। প্ৰৱন্ধকৰ কাৰ্যালয়ৰ গেট বন্ধ কৰি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰ্মীসকলৰ। দুঘণ্টীয়াকৈ কৰা এই প্ৰতিবাদত অচল ৰঙিয়া ৰে'লৱে মাণ্ডলিক প্ৰৱন্ধকৰ কাৰ্যালয়ৰ কাম কাজ।

কৰ্মীসকলে অভিযোগ কৰা মতে ২০১৮ চনৰ আগষ্ট মাহৰ পৰা বিভিন্ন অজুহাত দেখুৱাই অনা-অসমীয়া লবীয়ে অসমীয়া চাপ্লায়াৰক বঞ্চিত কৰি আহিছে ৰে'ল বিভাগৰ বিভিন্ন কাম-কাজৰ পৰা। ৬০ জন অসমীয়া চাপ্লায়াৰক বঞ্চিত কৰিছে এই অনা-অসমীয়া লবীয়ে। থলুৱা ঠিকাদাৰক বঞ্চিত কৰি বহিৰাগত ঠিকাদাৰক গুৰুত্ব দিয়াৰ অভিযোগ তুলি ৰঙিয়া ৰে'লৱে মাণ্ডলিক প্ৰৱন্ধক ৰবিলেশ কুমাৰৰ বিৰুদ্ধে আজি এই প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে কৰ্মীসকলে।

২০০৩ চনৰ পৰা ৰঙিয়া, নলবাৰী, বৰপেটাৰ এইসকল চাপ্লায়াৰে বিভিন্ন সামগ্ৰী যোগান ধৰি আহিছিল ৰঙিয়া ৰে'ল বিভাগত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।