বেছিমাৰী: বেছিমাৰী চিকিৎসালয়ৰ নিৰ্মাণৰ কাম চলি থকাৰ সময়তে সংঘটিত হৈছে ব্যাপক দুৰ্নীতি৷ উক্ত কামত অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি কাম কৰা পৰিলক্ষিত হৈছে৷ চিকিৎসালয় নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা ইটা হাতেৰে ভাঙিব পৰা যায়, দৰ্জাৰ ফ্ৰেম ৬.৬ ফুট হ'ব লাগে যদিও ৬.২ ফ্ৰেম লগোৱাৰ লগতে সৰহ সংখ্যক ফ্ৰেমত পুকে ধৰিছে, ফাটী গৈছে৷ চিমেণ্ট, ৰ'ডকে আদি কৰি প্ৰতিটো সামগ্ৰীতে লুণ্ঠন চলাইছে ঠিকাদাৰ, অভিযন্তায়ে। জানিব পৰা মতে ঘৰৰ চালিৰ টিনপাত ৫০ এম এম হ'ব লাগিছিল যদিও ২৫/৩০ এম এম টীনপাতহে লগোৱা পৰিলক্ষিত হৈছে।
এই ক্ষেত্ৰত ইত্তেহাদ ফ্ৰণ্ট অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদকে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত উচ্চ পৰ্যায়ৰ তদন্তৰ জৰিয়তে দুৰ্নীতি সংঘটিত কৰা আমোলা বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে উক্ত চিকিৎসালয়ত নিৰ্মাণ হোৱা কাম পুনৰ ভাঙি নিৰ্মাণ কৰাৰ দাবী উত্থাপন কৰিছে ইত্তেহাদ ফ্ৰণ্টৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক নুৰ ইছলামে৷