ডিজিটেল ডেস্কঃ অসমৰ এজন যুৱকৰ অসভ্যালিৰ বাবে বিমানবন্দৰত জৰুৰীভাৱে অৱতৰণ কৰে এখন বিমানে। অভিযোগ অনুসৰি, দেওবাৰে হায়দৰাবাদৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰিছিল ইণ্ডিগ’ৰ এখন বিমান। কিন্তু যাত্ৰাকালত যমুনামুখৰ ইৰছাদ আলী নামৰ এজন যুৱকৰ অভব্য আচৰণৰ বাবে ওড়িশাৰ বিজু পাটনায়ক আন্তৰ্জাতিক বিমানবন্দৰত জৰুৰীভাৱে অৱতৰণ কৰাবলগীয়া হয় বিমানখন।
পুনেৰ এখন আইচক্ৰীম পাৰ্লাৰত ৫ বছৰ ধৰি কৰ্মৰত হৈ আছে ইৰছাদ। ইৰছাদে মাতৃৰ বিয়োগৰ খবৰ পাই তেওঁৰ বন্ধু আব্দুল কৰিমৰ সৈতে ইণ্ডিগ’ বিমানেৰে হায়দৰাবাদৰ পৰা গুৱাহাটীলৈ আহি আছিল। গুৱাহাটীলৈ আহি থকা অৱস্থাতে ইৰছাদে বিমানত কোনো কাৰণ নোহোৱাকৈ অভব্য আচৰণ কৰিবলৈ আৰম্ভ কৰে।
যুৱকজনৰ অসভ্যালি ইমানেই বাঢ়ি যায় যে বিমানৰ যাত্ৰীসকল অতিষ্ঠ হৈ পৰে। ইমানেই নহয়, যাত্ৰীসকলক হাৰাশাস্তিত পেলাই ইৰছাদে বিমানখনৰ দুৱাৰ খুলিবলৈও চেষ্টা কৰে। সহ্যৰ সীমা চেৰাই যোৱাত উপায়ন্তৰ হৈ বিমানকৰ্মীয়ে বিজু পাটনায়ক আন্তৰ্জাতিক বিমানবন্দৰত জৰুৰীভাৱে বিমানখন অৱতৰণ কৰোৱাৰ সিদ্ধান্ত লয়। ইণ্ডিগ’ বিমানখন ওড়িশাত জৰুৰীভাৱে অৱতৰণ কৰোৱাৰ পিছতে যুৱকজনক গতাই দিয়া হয় বিমানবন্দৰ আৰক্ষীক।