হিংসা-ঘৃণাৰ বিপৰীতে সম্প্ৰীতি ৰক্ষাৰ বাবে বৰপেটাত নাগৰিক সভা

 06/24/2019 - 15:59

বৰপেটা: সত্ৰ নগৰী বৰপেটাৰ সমাজ জীৱনৰ ঐক্য-সম্প্ৰীতি বিনষ্ট কৰি সাম্প্ৰদায়িক সংঘাত-সংঘৰ্ষ সৃষ্টিৰ উদ্দেশ্যেৰে উগ্ৰ হিন্দুত্ববাদী শক্তিৰ মদদপুষ্ট একাংশ দুষ্কৃতিকাৰীয়ে কৰা দুষ্কাৰ্যক ৰাজহুৱাকৈ গৰিহণা দিয়াৰ লগতে এনেকুৱা ঘটনা যাতে ভৱিষ্যতে কেতিয়াও পুনৰাবৃত্তি নহয় তাৰ বাবে ঘটনাৰ লগত জড়িত দুষ্কৃতিকাৰীৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত দেওবাৰে বৰপেটাৰ নাগৰিক সমাজৰ উদ্যোগত এক নাগৰিক সভা অনুষ্ঠিত হৈ যায়। বৰপেটা জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গোবিন্দ তালুকদাৰৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা নাগৰিক সভাৰ উদ্দেশ্য বাখ্যা কৰে গৱেষক ছাত্ৰ তথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে।

নাগৰিক সভাত বিশিষ্ট সাহিত্যিক-শিক্ষাবিদ-শিক্ষাৰত্ন বঁটাপ্ৰাপক অক্ষয় কুমাৰ মিশ্ৰ, মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক-লেখক ড০ বাবুল চন্দ্ৰ দাস, ড০ কেশৱ চন্দ্ৰ ডাকুৱা, বিশিষ্ট চিকিৎসক-সমাজকৰ্মী ডাঃ চৈয়দ আহমেদ জাদিদ, বিশিষ্ট নাট্যকাৰ লিয়াকৎ আলী, বি এইচ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ চুলতান আলী আহমেদ, বালিকুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ইব্ৰাহিম আলী, পালহাজী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ মজিবৰ ৰহমান, জনীয়া ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক জহুৰুদ্দিন আহমেদ, বিশিষ্ট চিকিৎসক-সমাজকৰ্মী ডাঃ আব্দুছ কদ্দুছ চিকদাৰ, বৰপেটা চাইল্ড লাইনৰ সমন্বয়ক ৰফিকুল ইছলাম, সাংবাদিক-যুৱ সমাজকৰ্মী ছাহেদ আলী, শিক্ষক-সাংবাদিক পুলেন্দ্ৰ দাস, ক্ৰীড়া সংগঠক হাসমত আলী আদি লোকে সভাত বক্তব্য প্ৰদান কৰি সকলোৱে একেমুখে এই ঘটনাক তীব্ৰ নিন্দা জনোৱাৰ লগতে এই ঘটনাক বৰপেটা কাণ্ড হিচাপে অভিহিত কৰি সমগ্ৰ বৰপেটাৰ সমাজখনক অভিযুক্ত কৰাটোও সঠিক নহয় বুলি কয়।

একাংশ দুষ্কৃতিকাৰীয়ে কৰা এই ঘটনাৰ পৰা যাতে কোনো অপশক্তিয়ে সাম্প্ৰদায়িক সম্প্ৰীতি নষ্ট কৰিব নোৱাৰে তাৰ বাবে সকলোকে শান্তি-সম্প্ৰীতি বজাই ৰখাৰ বাবে আহ্বান জনোৱাৰ লগতে অদূৰ ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ দুষ্কাৰ্য সংঘটিত নহয় তাৰ বাবে বৰপেটাৰ সমাজ ঐক্যবদ্ধ হৈ থাকিব লাগিব আৰু প্ৰশাসন আৰু পুলিচেও দুষ্কৃতিকাৰীৰ বিৰুদ্ধে তীক্ষ্ণ দৃষ্টি আৰু কঠোৰ ব্যৱস্থা ল'ব লাগিব বুলিও মত প্ৰকাশ কৰে। বৰপেটা প্ৰেছ ক্লাবৰ সভাপতি নৱজিত দাস, সাংবাদিক অশোক কুমাৰ দাস, বৰপেটা জিলা সাহিত্য সন্মিলনীৰ সভাপতি ৰহমত উল্লাহ সেইখ, আমছুৰ কেন্দ্ৰীয় সমিতিৰ নেতা আবুল হুছেইন, বৰপেটা জিলা কৃষক মুক্তিৰ সভাপতি ৰফিকুল ইছলাম, যুটীয়া সম্পাদক কাজী নাজিমুল হক আদিৰ লগতে প্ৰায় শতাধিক নাগৰিকে অংশগ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।