বাক্সাৰ এটি পৰিয়ালৰ কৰুণ গাথা: জটিল ৰোগত আক্ৰান্ত যুৱক

 06/24/2019 - 16:41

মুছলপুৰ: মানুহজনৰ নাম গীতুমনি বৈশ্য৷ পত্নী আৰু এজনী কন্যা সন্তানৰ সৈতে এখন সুখৰ সংসাৰ৷ বাক্সা জিলাৰ বৰমা ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ কদমতলাৰ এইগৰাকী ব্যক্তিক পিচে দাতাই দিলেও বিধাতাই নিদিয়াৰ দৰে তেওঁলোকৰ সংসাৰখনলৈ হঠাৎ নামি আহে কালধুমুহা৷ সাধাৰণ দোকান এখনেৰে সৰু সংসাৰখন অভাৱ অনাটনৰ মাজেৰে চলাই নিছিল৷ কিন্তু হঠাৎ একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তি গীতুমনি বৈশ্য আক্ৰান্ত হয় জটিল ৰোগত৷ বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰাৰ অন্তত পোহৰলৈ আহে গীতুমনিৰ প্ৰকৃত বেমাৰ৷

গীতুমনিৰ যকৃত আৰু কিডনী নষ্ট হোৱা বুলি চিকিৎসকে জানিব দিয়াৰ পিচতে মুৰত সৰগ ভাঙি পৰে পৰিয়ালটোৰ৷ ঘৰৰ সা-সম্পত্তি বিক্ৰী কৰি দেউলীয়া হোৱা পৰিয়ালটোৱে চিকিৎসাৰ নামত বন্ধন বেংকৰ পৰাও ঋণ লৈছিল এক লাখ টকা৷ সম্প্ৰতি বন্ধন বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰা পৰিয়ালটোৱে গীতুমনিৰো কোনো চিকিৎসা কৰিব পৰা নাই৷ গীতুমনিৰ মাতৃ আৰু পত্নীয়ে গীতুমনিৰ অৱস্থাৰ পৰিৱৰ্তন দেখি এতিয়া মাথো উচুপি কান্দিছে৷ জানিব দিয়া মতে বৰমা বিধানসভা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মৰ ওচৰলৈ গৈও হতাশ হৈ উভতি আহিছে৷ চিকিৎসাৰ নামত মাত্ৰ ৫০০ টকা দিয়ে ই দায়িত্ব সামৰিছে বিধায়কগৰাকীয়ে৷ যাৰবাবে অৰ্থৰ অভাৱত বিনা চিকিৎসাই এতিয়া টিল টিলকৈ মৃত্যু মুখলৈ আগবাঢ়িছে গীতুমনি৷

পৰিয়ালে এতিয়া ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী আৰু ৰাইজৰ ওচৰত সহায় ভিক্ষা মাগিছে৷ কোনো লোকে যদি গীতুমনিক সহায় কৰিব বিচাৰে বেংক অৱ ইণ্ডিয়াৰ বৰমা শাখাৰ একাউণ্ট নং ৫০৫০১০১১০০০৫০৯৮ নম্বৰত আৰ্থিক সাহাৰ্য কৰিব পাৰে৷ হয়তো আপোনাৰ অকনমান সহায়ে গীতুমনিৰ লগতে পৰিয়ালটোৰ মুখত হাঁহি বিৰিঙাব৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।