06/24/2019 - 17:25
in
লখিমপুৰঃ লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত হেচামৰা চাপৰিত এই ঘটনা৷ নিজ বাসগৃহত কাম কৰি থকা অৱস্থাত জমছেৰ আলী (৪৫) নাম ব্যক্তিজন বিদ্যুৎস্পৃষ্ট হয়৷
পৰিয়ালৰ লোকে ততাতৈয়াকৈ ১০৮ৰ সহায়ত বগীনদী আদৰ্শ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
সম্প্ৰতি বগীনদী আৰক্ষীয়ে লোকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মৃত জমছেৰ আলীয়ে পত্নীসহ ৫ টাকৈ সন্তান এৰি থৈ যায়।