গোৰেশ্বৰ: গোৰেশ্বৰত বাক্সা জিলাৰ যুৱ ছাত্ৰ পৰিষদৰ অধিবেশন৷ অধিবেশনত উপস্থিত থাকে কেন্দ্ৰীয় নেতা পলাশ চাংমাই৷ উক্ত অধিবেশনত বাক্সা জিলা সমিতি গঠন কৰা হয়৷ সভাত বাক্সা জিলাৰ আটাইকেইটা আঞ্চলিক সমিতি উপস্থিত থাকে৷ বাক্সা জিলাৰ গোৰেশ্বৰত বাক্সা জিলা যুৱ ছাত্ৰ পৰিষদৰ অধিবেশন অনুষ্ঠিত হয়৷ গোৰেশ্বৰ মহাবিদ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত সভাত বাক্সা জিলা সমিতিৰ আটাইকেইটা আঞ্চলিক সমিতি উপস্থিত থাকে৷ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক চন্দন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হয় এই সভাখন৷
সভাত কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাই উপস্থিত থাকে আৰু সাংবাদিকৰে হোৱা আচুতীয়া সাক্ষৎকাৰত নেতাগৰাকীয়ে কয়- যুৱ ছাত্ৰ পৰিষদ কেতিয়াও দুভাগ নহয় আৰু হ'ব দিয়া নহয় যিসকল সংগঠনৰ বিৰুদ্ধে অপ্ৰচাৰ চলাইছে সেইসকলক সংগঠনৰ পৰা বাহিৰ কৰি দিয়া হৈছে বুলি সদৰি কৰে৷ আনহাতে যুৱ ছাত্ৰ পৰিষদৰ দাবী আগত ৰাখি সংগঠনৰ সংগ্ৰাম অব্যাহত ৰাখিব বুলি জানিব দিয়ে নেতাগৰাকীয়ে৷