নগাঁও প্ৰশাসন আৰু টেম্প' চালকৰ সংঘাত: যাত্রীৰ মাজত হাহাকাৰ পৰিস্থিতি

 06/24/2019 - 18:55

চামগুৰি: নগাঁও প্ৰশাসন আৰু টেম্প' চালকৰ সংঘাতে বাৰুকৈয়ে জলাকলা খোৱাইছে একাংশ সৰ্বসাধাৰণ যাত্ৰী তথা ছাত্ৰ-ছাত্ৰীক। নগাঁৱৰ চামগুৰি আৰু পুৰণিগুদামৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত হঠাৎ যাত্ৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। নগাঁও জিলাৰ উৰিয়াগাঁও, পুৰণিগুদাম, চামগুৰি আদি ঠাইৰ টেম্প' চালকে সোমাবাৰৰ পৰা আৰম্ভ কৰা দুদিনীয়া ধৰ্মঘট কাৰ্যসূচীৰ বাবে অঞ্চলটোত হঠাৎ টেম্প'সমূহৰ চলাচল ব্যাহত হৈ পৰাৰ ফলতেই সৃষ্টি হয় এই পৰিস্থিতিৰ। উল্লেখ্য যে নগাঁও প্ৰশাসনে চহৰখনৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিবৰ্তে চহৰৰ ভিতৰেদি উপপথৰে টেম্প'সমূহ উভতি যাবলৈ দিয়া নিৰ্দেশৰ ফলত অসুবিধাৰ সৃষ্টি হৈছে টেম্প'ৰে যাতায়ত কৰা যাত্ৰীসকলৰ, সমান্তৰালভাৱে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো।

ইফালে নগাঁও প্ৰশাসনৰ এই সিদ্ধান্তৰ ফলত চূড়ান্তভাবে অসন্তুষ্ট হৈ পৰিছে এতিয়া টেম্প' চালকসকল। আনহাতে নগাঁৱৰ পুৰণিগুদামৰ কেঞাপট্টীত পুৱাৰে পৰা অৱস্থান ধৰ্মঘট কৰা একাধিক টেম্প'সহ চালকসকলে নগাঁও প্ৰশাসনে টেম্প' চলাচলৰ ক্ষেত্ৰত জাৰি কৰা নিৰ্দেশনাসমূহ পুনৰ বিবেচনাৰ বাবে প্ৰশাসনক আহ্বান জনায় অন্যথা পৰৱৰ্তী সময়ত প্ৰশাসনৰ এই হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদত ব্যাপক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰিছে ক্ষোভিত টেম্প' চালকসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।