06/25/2019 - 12:39
in
![](https://pratibimbalive.com/sites/default/files/styles/article-detail/public/articles/tt_0.jpg?itok=zLlnE94w)
লামডিংঃ হোজাই জিলাৰ লামডিং সমষ্টিৰ কাকি থানাৰ অন্তৰ্গত ৪নং ডেৰাপথাৰৰ কৈলাশ সিং নামৰ যুৱক জন তামিলনাডুলৈ কাম কৰিবলৈ গৈছিল।
তাত ৬ মাহ কাম কৰি ঘৰলৈ উভতি অহাৰ সময়ত ৰে’লৰ পৰা বিশাখাপট্টনম জংচনত নামি পানী খাবলৈ যোৱাত তাৰপৰাই নিখোজ হয় বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।
পৰিয়ালৰ লোকে কাকি আৰক্ষী থানাত আৰু লামডিং ৰেল আৰক্ষী থানাত এখন জাননী দিয়ে। বৰ্তমানলৈকে কোনো সন্ধান ওলোৱা নাই যুৱকজনৰ।