নিজ বাসগৃহ আহি পালে জুলিৰাণী কলিতাৰ নশ্বৰদেহ

 06/25/2019 - 14:18

মিৰ্জাঃ নিজ বাসগৃহ আহি পালে জুলিৰাণী কলিতাৰ নশ্বৰদেহ। এগৰাকী ধুনীয়া যুৱতীক ভৰ যৌৱনকালত নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি নিলে। মৃত্যুৰ সৈতে যুঁজি যুঁজি অৱশেষত হাৰ মানিলে যুৱতীগৰাকীয়ে। গুৱাহাটী মহানগৰীৰৰ সমীপৰ ধাৰাপুৰ মাজিৰ গাঁৱৰ জুলিৰাণী কলিতা নামৰ যুৱতীগৰাকী আক্ৰান্ত হৈছিল দুৰাৰোগ্য কৰ্কট ৰোগত। যোৱা কেইবামাহ ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থাকি যুৱতীগৰাকীৰ চিকিৎসাৰ নামত ঘৰ-মাটি বিক্ৰি কৰিছিল পৰিয়ালৰ লোকে। তথাপিও সুস্থ হোৱা নাছিল যুৱতীগৰাকী।

তাৰপিছতে স্থানীয় যুবক-যুৱতী আৰু ৰাইজৰ সহায়ৰ ফলত উন্নত চিকিৎসাৰ বাবে বাংগালুৰুলৈ লৈ যোৱা হৈছিল জুলিৰাণীক। তাত কিছু উন্নত হৈ জুলিৰাণীয়ে কৈছিল "মোক সহায় কৰা মানুহ ইমান আছে সকলোকে মই কিদৰে ধন্যবাদ দিম"! তাৰপিছতে পুনৰ অৱনতি ঘটিছিল জুলিৰাণীৰ স্বাস্থ্যৰ। পৰিয়ালৰ লোকে চৰকাৰলৈ সহায়ৰ হাত বিচৰাত চৰকাৰে অটল অমৃতৰ পৰা ২লাখ টকা দিছিল যদিও সেয়া পৰ্যাপ্ত নহ’ল। অৱশেষত দেওবাৰে নিশা নিয়তিৰ ওচৰত হাৰ মানি মৃত্যুক আকোৱালি ল'লে জুলিৰাণীয়ে।

অসম চৰকাৰে বাংগালুৰু চিকিৎসালয়ত বাকী থকা সমগ্ৰ খৰছ বহন কৰাৰ লগতে ঘৰলৈ লৈ অনা সকলো যাৱতীয় খৰছ বহন কৰি আজি জুলিৰাণীৰ কলিতাৰ নশ্বৰদেহ বিমানযোগে লৈ আনে। বিমানবন্দৰৰ পৰা পোনে পোনে নিজবাসগৃহলৈ অনা হয় জুলিৰাণীৰ নশ্বৰদেহ। বাসগৃহ আহি পোৱাৰ পিছতে কান্দোনৰ ৰোল উঠে। আত্মীয়ৰ কান্দোনে সকলোৰে চকু সেমেকাই পেলায়। মাতৃয়ে চিঞৰি কৈছিল "মাইনাক জুই নিদিবি তাই কষ্ট পাব"। বাসগৃহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰি জুলিৰাণীৰ নশ্বৰদেহ সৎকাৰৰ বাবে লৈ যোৱা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।